NORTHEAST NOW (Assamese)

বিশ্বই আনটো মহামাৰীৰ বাবে সাজু হওক; সতৰ্কবাণী শুনালে WHOৰ মুৰব্বীয়ে

September 8, 2020 10:01 am · এন ই নাও নিউজ
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ অধনোম ঘেব্ৰিয়াছুছ।

বিশ্ব স্বাস্থ্য সংস্থাই গোটেই বিশ্বকে সকীয়াই দি কৈছে যে তেওঁলোকে আনটো মহামাৰীৰ বাবে সাজু থাকক।

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰভাৱলৈ চাই সোমবাৰে নিশা WHOৰ মুৰব্বী টেড্ৰ’ছ অধনোম ঘেব্ৰিয়াছুছে এইদৰে কয়।

তেওঁ লগতে কয় যে বিশ্বৰ দেশসমূহে আগন্তুক মহামাৰীৰ পূৰ্বে ৰাজহুৱা স্বাস্থ্যত প্ৰচুৰ ধন বিনিয়োগ কৰা উচিত নহ’লে কৰ’নাৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে।

WHOৰ মুৰব্বী গৰাকীয়ে জানিবলৈ দিয়ে যে কৰ’না ভাইৰাছৰ ফলত গোটেই বিশ্বত ২.৭১কোটি লোক আক্ৰান্ত হৈছে আৰু ৮.৮৮লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

কোভিড-১৯য়ে ২০১৯ৰ ডিচেম্বৰৰ পৰা এতিয়ালৈকে এনে অৱস্থাৰ সৃষ্টি কৰিছে। এতিয়াও কিছুমান দেশত ইয়াৰ সন্ত্ৰাস বৃদ্ধি পাই আছে আৰু ইয়াক নিয়ন্ত্ৰণ কৰা কঠিন যেন দেখা গৈছে।

জেনেভাত এক সংবাদমেলত টেড্ৰ’ছে কয় যে এইটোৱে কোনো শেষ মহামাৰী নহয়। ইতিহাস কেইবাটাও মহামাৰীৰ সাক্ষী আছে। এই মহামাৰী জীৱনৰ সত্য, ই কেতিয়াও শেষ হৈ নাযায়।

তেওঁ কয় যে আন এটা মহামাৰীয়ে বিশ্বত আঘাত হনাৰ পূৰ্বে আমি সম্পূৰ্ণ সাজু হৈ লোৱা উচিত। বিশ্বৰ দেশসমূহে সম্ভাৱ্য বেমাৰৰ ভেকচিন আৰু দৰৱৰ ওপৰত সন্মিলিতভাৱে গৱেষণা কৰিব লাগে।

টেড্ৰ’ছে কয় যে ৰাজহুৱা স্বাস্থ্যত অধিক ধন বিনিয়োগ কৰা উচিত। যেতিয়াই কোনো মহামাৰী আহে তেতিয়াই যাতে তাক নিয়ন্ত্ৰিত কৰিব পাৰি তাৰ বাবে তাৎক্ষণিকভাৱে ভেকচিন আৰু দৰৱ প্ৰস্তুত তথা বজাৰলৈ অনাৰ ব্যৱস্থা কৰা উচিত।

আনহাতে, সংস্থাটোৱে স্পষ্টভাৱে কয় যে ই এনেকুৱা ভেকচিনৰ সমৰ্থন নকৰে যি খৰতকীয়াভাৱে বিকশিত কৰা হৈছে আৰু ইয়াৰ প্ৰভাৱৰ লগতে সুৰক্ষিত প্ৰমানিত হোৱা নাই।

সংস্থাটোৱে জানিবলৈ দিয়ে যে বৰ্তমান সময়ত ৩৭টা ভেকচিন ক্লিনিকেল ট্ৰায়েলৰ বিভিন্ন পৰ্যায়ত আছে। WHOয়ে মুঠতে ১৮৮টা ভেকচিনৰ ওপৰত নজৰ ৰাখিছে ইয়াৰে কেইটামান ট্ৰায়েলৰ চূড়ান্ত পৰ্যায়ত আছে।

সংস্থাটোৱে জানিবলৈ দিয়া মতে ১৮৮টাৰ ভিতৰত ৯টা অন্তিম পৰ্যায়ত আছে।

Related News