ভোট কাক দিব? স্পষ্টীকৰণ প্ৰফুল্ল মহন্তৰ

Who to vote this loksabha election? Former Assam CM Mahanta clarifies his stance

প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো।

প্ৰফুল্ল কুমাৰ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰা বুলি একাংশ সংবাদ মাধ্যম প্ৰচাৰিত বাতৰি খণ্ডন কৰি বিষয়টো সন্দৰ্ভত বুধবাৰে স্পষ্টীকৰণ দিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছক ভোট দিয়া নিদিয়াৰ সিদ্ধান্ত অসমীয়াৰ “বিবেক”লৈ ঠেলি মহন্তই নাগৰিকত্ব বিধেয়কৰ সমৰ্থক দলৰ পৰা নিৰ্বাচনত আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

“অসমৰ মানুহে কাক ভোট দিব, সেয়া নিজে ঠিক কৰিব। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনকাৰীসকলৰ পৰা ৰাইজ আঁতৰি থাকক। বিজেপিৰ সভাপতি অমিত শ্বাহে বাৰে বাৰে কৈ আছে, চৰকাৰ আহিলে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব। অসমৰ ৰাইজে বিবেক ভোট দিয়ক,” “কেব”বিৰোধী ভোট আহ্বানৰ অৰ্থ কেৱল “কংগ্ৰেছক সমৰ্থন নহয়” বুলি উল্লেখ কৰি গুৱাহাটীৰ হোটেল ৰিজেন্সিত অনুষ্ঠিত সংবাদমেলত মন্তব্য মহন্তৰ।

নাগৰিকত্ব বিধেয়ক বিৰোধী দলীয় বা নিৰ্দলীয় আৰু অসমৰ সমস্যাসমূহৰ হৈ মাত মাতিব পৰা আৰু বলিষ্ঠ পদক্ষেপ ল’ব পৰা প্ৰাৰ্থীক ভোট দিবলৈ তেওঁ আহ্বান জনাইছে।

তাৰোপৰি অগপই নিৰ্বাচন আয়োগত “তাৰকা প্ৰচাৰক’’ৰূপে নাম দাখিল কৰা মহন্ত নিৰ্বাচনত অগপৰ হৈ প্ৰচাৰ নচলোৱাৰ সিদ্ধান্তটো অটল আছে।

মহন্তৰ অজ্ঞাতে অগপ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ মাত্ৰ কেইজনমান নেতাইহে বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰি প্ৰচাৰৰ পৰা আঁতৰি আছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

অসম চুক্তিৰ স্বাক্ষৰকাৰী নেতা মহন্তই অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক গণবিৰোধৰ সন্মুখীন হোৱা বিতৰ্কিত বিধেয়কখনৰ পূৰ্বৰে পৰা বিৰোধ কৰি আহিছে।