NORTHEAST NOW (Assamese)

ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ ট্ৰাম্পক কোনে কৈছিল? প্ৰশ্ন ৰাহুল গান্ধীৰ

May 23, 2025 4:40 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এটা সাক্ষাৎকাৰ শ্বেয়াৰ কৰি তিনিটা প্ৰশ্ন কৰে।

সাক্ষাৎকাৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ কথা উল্লেখ কৰে।

ৰাহুল গান্ধীয়ে প্ৰথমটো প্ৰশ্নত কয় ভাৰতৰ লগত পাকিস্তানক কিয় সংযোগ কৰা হৈছে?

গান্ধীয়ে লগতে কয় যে পাকিস্তানক গৰিহণা দিয়াৰ ক্ষেত্ৰত এখনো দেশেও আমাক কিয় সমৰ্থন কৰা নাছিল?

ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া সংঘাতৰ অন্তত ১০ মেত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চুক্তিৰ কথা ঘোষণা কৰে। এই প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে তৃতীয়টো প্ৰশ্ন কৰে যে, ট্ৰাম্পক কোনে ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতা কৰিবলৈ কৈছিল?

ৰাহুল গান্ধীৰ এই কন্তব্যৰ পিছত এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক।

Related News