কোনে কোনে বৰ্জন কৰিব স্বাধীনতা দিৱস?

independence-day

চৰকাৰে জনতাৰ মনত দেশপ্ৰেম জগাই তুলিবৰ বাবে তিনি দিনীয়া স্বাধীনতা দিৱস আয়োজন কৰাৰ বিপৰীতে এই দিৱস উদযাপন কৰিবলৈ অমান্তি হোৱাসকলৰ সংখ্যাটোও কম নহয়।

আলফা (স্বাঃ)কে ধৰি চৰকাৰৰ কৰ্তৃত্ব অমান্য কৰা সশস্ত্ৰ বিদ্ৰোহী গোটবোৰে পৰম্পৰা ৰক্ষা কৰি স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ সমান্তৰালভাৱে গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ ভিতৰতে থকা বহুকেইটা দল-সংগঠনেও স্বাধীনতা বৰ্জনৰ সিদ্ধান্ত লৈছে।

চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ পন্থা হিচাপে এই দল-সংগঠন, সমাজৰ বিভিন্ন অংশই ‘স্বাধীনতাৰ স্বাদ’ক অস্বীকাৰ কৰিছে।

ইতিপূৰ্বে অসমৰ সশস্ত্ৰ বিদ্ৰোহী গোট আলফা (স্বাঃ), মণিপুৰৰ আটাইবোৰ সশস্ত্ৰ বিদ্ৰোহী গোটৰ উমৈহতীয়া মঞ্চ Core-Com-এ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে। সেইদৰে কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে কাইলৈৰ স্বাধীনতা দিৱস বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰিছে।

আনহাতে জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত কোচ ৰাজবংশী সন্মিলনীয়ে স্বাধীনতা দিৱস বৰ্জনৰ কথা ঘোষণা কৰিছে।

ইয়াৰ উপৰি, বেতন বঞ্চিত আৰু আন্দোলনৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মঞ্চ, নগাওঁ কাগজকল আৰু কাছাৰ কাগজকলৰ কৰ্মচাৰীসকলেও স্বাধীনতা দিৱস বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।