বৃহৎ অফিছ, চিকচিকিয়া চৌহদ, অলেখ কৰ্মচাৰী, ধুনীয়া গাড়ী, মানে সকলো ফালে এক চমৎকাৰ পৰিবেশ! মই কাৰ কথা কৈছোঁ? আমাৰ অনুষ্ঠান- প্ৰতিষ্ঠানবোৰৰ কথা কৈছোঁ। উচ্চতম ন্যায়ালয়, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, ষ্টেট বেংক অৱ ইণ্ডিয়া, নিৰ্বাচন আয়োগ, চি বি আই, ই ডি আৰু তেনে অজস্ৰ অনুষ্ঠান প্ৰতিষ্ঠান। সেই প্ৰতিষ্ঠানবোৰৰ মুৰব্বী বা সহ-মুৰব্বী সকল বা ওপৰৰ আন অফিচাৰসকল কিমান ধুনীয়া কোঠাত বহে! তেওঁলোকে কিমান ধুনীয়া কাপোৰ পিন্ধে, তেওঁলোকক সহায় কৰিবলৈ কিমান কৰ্মচাৰী! তেওঁলোক সকলো উচ্চ শিক্ষিত।
তেওঁলোকৰ কিমান ডিগ্ৰী! আজি-কালি অৱশ্যে বিজেপি, আৰ এচ এচ এচৰ সৌজন্যত একো নজনা, কোনো পেছাগত অৰ্হতা নথকা বহুতেই তেনে পদৰ অধিকাৰী। যেনে, পৱিত্ৰ মাৰ্ঘেৰিটা, বিদেশ মন্ত্ৰালয়ৰ দৰে বিভাগ এটাৰ ৰাজ্যমন্ত্ৰী হোৱাৰ তেওঁ যোগ্যনে? জয় শংকৰ প্ৰসাদে প্ৰধানমন্ত্ৰী মোদীক যিমানেই তেল নামাৰক কিয়, তেওঁ ক’ত আৰু মাৰ্ঘেৰিটা ক’ত! আমি মাৰ্ঘেৰিটাক চিনি পাওঁ বুলিহে! তেনে আমি চিনি নোপোৱা আৰু কিমান আছে? এতিয়া আচল কথাটোলৈ আহিছোঁ।
এই ধুনীয়া অফিছত বহা, ধুনীয়া কাপোৰ পিন্ধা মানুহবোৰে কি কৰে? তেওঁলোককতো আমাৰ পইছাৰেই দৰ্মহা দিয়া হয়। তেওঁলোকে আমাৰ কাম কৰেনে? আমাৰ কাম কৰাৰ অৰ্থ কি? দেশৰ জনসাধাৰণৰ হৈ কাম কৰা। তাৰ ধৰা-বন্ধা কিবা নিয়ম আছেনে? নিশ্চয় আছে। তাক অতি সুন্দৰকৈ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে- “….to secure to all its citizens: JUSTICE, social, economic and political; LIBERTY of thought, expression, belief, faith and worship; EQUALITY of status and of opportunity; and to promote among them all FRATERNITY assuring the dignity of the individual and the unity and integrity of the Nation.” তাৰ মানে হ’ল ভাৰতৰ সকলো মানুহে যাতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় পায়, তেওঁলোক সকলোৰে মাজতে চিন্তা, মত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা যাতে সুনিশ্চিত কৰা হয়। সকলো ব্যক্তিৰ মাজত অৰ্থনৈতিক সা-সুবিধা আৰু সম মৰ্যাদা অক্ষুণ্ণ ৰাখি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই দেশৰ ঐক্য আৰু সংহতি যাতে নিশ্চিত কৰা হয়। এইটোৱেই হ’ল মূল নীতি।
কিন্তু বৰ্তমান আমাৰ দেশৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বীসকলে সেই নীতি আৰু মূল্যবোধবোৰৰ প্ৰতি আনুগত্য ৰাখি নিজৰ কৰ্তব্য পালন কৰিছেনে? এইখিনিতে এটা কথা স্বীকাৰ নকৰিলে অন্যায় হ’ব। দেশ স্বাধীন হোৱাৰ পিছত কোনো চৰকাৰেই আখৰে আখৰে সেই কথা পালন কৰা নাই।সম্পূৰ্ণকৈ পালন কৰাটো ইমান সহজো নহয়। আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুৱে বোধহয় সেই নীতি আৰু প্ৰমূল্যবোৰ প্ৰয়োগ কৰিবলৈ আটাইতকৈ বেছি চেষ্টা কৰিছিল।
তেওঁ অৰ্থনৈতিক সমতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত সমানে গুৰুত্ব দিছিল। আনহাতে ইন্দিৰা গান্ধীয়ে অৰ্থনৈতিক সমতাৰ ক্ষেত্ৰত বেংক ৰাষ্ট্ৰীয়কৰণৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ পিছতো জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তনৰ দ্বাৰা ব্যক্তি-স্বাধীনতা খৰ্ব কৰি আমাৰ সংবিধানৰ মৌলিক কাঠামোটোৰ ওপৰতে কুঠাৰঘাত কৰিছিল। এইখিনিতে আমি আমাৰ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰৰ কথা এফাকি মনত পেলোৱা উচিত। তেখেতে কৈছিল “I feel, however good a Constitution may be, it is sure to turn out bad because those who are called to work it, happen to be a bad lot. However bad a Constitution may be, it may turn out to be good if those who are called to work it, happen to be a good lot. The working of Constitution does not depend wholly upon the nature of the Constitution.” অৰ্থাৎ সংবিধানখন ভাল হ’লেই নহ’ব তাক চলোৱা, কামত লগোৱা মানুহবোৰো সমানে ভাল হ’ব লাগিব। আচল সমস্যাটো তাতেই।
ভাৰতত গণতন্ত্ৰ প্ৰথম আক্ৰমণৰ সন্মুখীন হৈছিল ইন্দিৰা গান্ধীয়ে বলবৎ কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত। তেতিয়াও জনগণৰ বাক-স্বাধীনতা ৰদ কৰা হৈছিল আৰু গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত নিয়ন্ত্ৰণ নমাই অনা হৈছিল। দায়িত্বশীল ন্যায়পালিকা (committed judiciary)ৰ কথা কোৱা হৈছিল।কিন্তু এতিয়াৰ লগত তেতিয়াৰ এক ডাঙৰ পাৰ্থক্য আছিল। তাত সাম্প্ৰদায়িকতা আৰু কেইজনমান পুঁজিপতিক দেশৰ সম্পদ গটাই দিয়া কথাটো নাছিল।আৰু সি আছিল ঘোষিত জৰুৰীকালীন অৱস্থা যিটো দেশত বলবৎ আছিল ১৯৭৫-৭৭ লৈ, মাত্ৰ ২১ মাহলৈ।
এতিয়া কি হৈছে? আমি মোদী-শ্বাহৰ অধীনত ২০১৪ চনৰ পৰা এতিয়ালৈকে এক অঘোষিত জৰুৰীকালীন অৱস্থাত আছোঁ। এই সময়ছোৱাত মই আগতে উল্লেখ কৰা অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বীসকলে সঠিকভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে। মাত্ৰ কেইটামান উদাহৰণ- নিৰ্বাচন আয়ুক্ত নিয়োগ কৰাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ আইন কৰি মোদীয়ে নিজৰ মানুহ আনি মইমতালিৰে নিৰ্বাচন আয়োগ গঠন কৰিলে। উচ্চতম ন্যায়ালয় চুপ হৈ থাকিল।নিৰ্বাচন চলি থকা ছয় সপ্তাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সেই মহামহিম মুখ্য বিচাৰপতি আৰু তেওঁৰ সতীৰ্থ অন্য বিচাৰপতি সকলৰ ভূমিকা কি আছিল? সোহ্, তেওঁলোকে আমাক নিৰ্বাচন আয়োগৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিবলৈ কৈ শুই আছিল।আৰু নিৰ্বাচন আয়োগে কি কৰিছিল? নিজৰ নিৰপেক্ষতা জলাঞ্জলি দি মোদী-শ্বাহৰ আঙুলিৰ ঠাৰে চিঞৰে নাচি নিৰ্বাচন অনুষ্ঠিত কৰিছিল।
দিল্লীৰ মাজমজিয়াত থকা উচ্চতম ন্যায়ালয়, নিৰ্বাচন সদনে সংবিধানৰ প্ৰস্তাৱনাৰ মূল্যবোধ অটুট ৰখাত ব্যৰ্থ হৈছিল।তেওঁলোকে মোদীৰ বিষাক্ত নিৰ্বাচনী প্ৰচাৰ দেখিও নেদেখাৰ ভাউ জুৰিছিল। হয়, নিৰ্বাচনী বণ্ড বাতিল কৰি উচ্চতম ন্যায়ালয়ে ভাল কাম কৰিছিল। কিন্তু কিমান বছৰৰ মূৰত? সাত বছৰৰ মূৰত। ইতিমধ্যে ২০১৮ চনত অনা নিৰ্বাচনী বণ্ড আঁচনিৰ যোগেদি বিজেপিয়ে ৬০০০ কোটি টকা উঠাই লৈছিল।এই দুটা উদাহৰণ মাত্ৰ দুটা সংস্থাৰহে। চি বি আই, ই ডি, ইউ জি চি, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, ষ্টেট বেংক অৱ ইণ্ডিয়াকে আদি কৰি যি কোনো ডাঙৰ ডাঙৰ অনুষ্ঠান আৰু তাৰ মুৰব্বীসকলৰ ব্যৰ্থতাৰ তেনে হাজাৰ-বিজাৰ উদাহৰণ দিব পাৰি।
ব্যতিক্ৰম বাদ দি সেই আটাইবোৰ অনুষ্ঠানে জনসাধাৰণৰ হৈ কাম কৰি থকা নাই।তেওঁলোকে সকলোৰে বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় নিশ্চিত কৰা নাই।তেওঁলোকে এটা দল আৰু সেই দলৰ বহতীয়া হিচাপেহে কাম কৰি আছে।ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা কি? তিনিটা- প্ৰথম ন্যায়াধীশসকলে সংবিধানৰ আদৰ্শ উৰ্দ্ধত তুলি ধৰি, ভয় শূন্যভাৱে ৰায়দান কৰিব লাগিব, অইন অনুষ্ঠানৰ মুৰব্বী আৰু গুৰুত্বপূৰ্ণ পদবীত থকা ব্যক্তি সকলেও কোনো দল বা ব্যক্তিৰ প্ৰতি আনুগত্য নাৰাখি আইনৰ শাসন মতে কাৰ্যনিৰ্বাহ কৰিব লাগিব। দ্বিতীয়, আমি সাধাৰণ নাগৰিকসকলে সকলো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে মাত মতা, জনমত গঠন কৰা যিটো এতিয়া বিকল্প প্ৰচাৰ মাধ্যমে দিনে-ৰাতিয়ে কৰি আছে।
আৰু তিনি নম্বৰ, ৰাজপথত কৰা অহিংস আৰু শান্তিপূৰ্ণ আন্দোলন।আজি ব্যৱস্থাটো যে চলি আছে; মাত্ৰ এই তিনিটা কথাৰ কাৰণেহে চলি আছে। নোহোৱাৰ মাজতো উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰাটো কিমান ডাঙৰ কথা। কৃষক আন্দোলনৰ ওপৰত ইমান অত্যাচাৰ উৎপীড়ণ কৰাৰ পিছতো কিয় তেওঁলোকে কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ’ল? গতিকে চাৰিশ কোটি টকীয়া উৰা জাহাজত ঘূৰা মোদীৰ অতপালি, লাখ লাখ টকাৰ দৰমহা পোৱা বিচাৰকৰ অবিচাৰ আৰু ঠিক তেনেদৰেই দুই, আঢ়ৈ লাখ দৰমহা পোৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীৰ পক্ষপাতিত্বৰ বিৰুদ্ধে মাত মাতিব লাগিব আমি হাজাৰ টকীয়া সাধাৰণ মানুহে। আমি মনত ৰখা দৰ্কাৰ যে দেশলৈ স্বাধীনতা আহিছিল সাধাৰণ জনতাৰ আত্ম-বলিদানৰ যোগেদি। এতিয়া তাৰ সুৰক্ষাৰ দায়িত্বও আমাৰ ওপৰত।আমাৰ পাথেয় গান্ধী-নেহৰু- আম্বেদকাৰৰ আদৰ্শ!