চীনে লুকুৱাইছে অতিমাৰীৰ উৎপত্তিৰ মূল তথ্য! কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছে

who-2_062320083514-new-750x375-1

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ অধানাম গেব্ৰিয়াছুছ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে বৃহস্পতিবাৰে কয় যে চীনত কোভিড-১৯ৰ উৎপত্তিৰ অনুসন্ধান তাত প্ৰথম দিনকেইটাত বিয়পি পৰাৰ মূল তথ্যৰ অভাৱত বাধাগ্ৰস্ত হৈছে আৰু এইক্ষেত্ৰত স্বচ্ছতাৰ প্ৰয়োজন।

যোৱা মাৰ্চ মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দলে চীনৰ গৱেষকৰ সৈতে চেন্ট্ৰেল চিটি উহানৰ চৌপাশে চাৰি সপ্তাহ কটোৱাৰ পাছত এক যৌথ প্ৰতিবেদনত কৈছিল যে ভাইৰাছটো সম্ভৱত: বাদুলীৰ পৰা মানৱ শৰীৰলৈ আন জন্তুৰ জৰিয়তে সংক্ৰমিত হৈছিল।

কোৱা হৈছিল যে ‘এটা গৱেষণাগাৰৰ পৰা আৰম্ভণি ঘটা ঘটনাটো এক অতি অসম্ভৱ পথ বুলি বিবেচিত হৈছিল’। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কিছুমান দেশ আৰু একাংশ বিজ্ঞানীয়ে ইয়াত সন্তুষ্ট হোৱা নাছিল।

‘’আমি চীনক স্বচ্ছতাৰে আৰু মুকলিভাৱে সহযোগিতা আগবঢ়াবলৈ কৈছো,’’-বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে এক সংবাদমেলত এইদৰে কয়।

‘’আমি লাখ লাখ আক্ৰান্ত তথা প্ৰাণ হেৰুওৱা লাখ লাখ লোকক লৈ চিন্তিত থকাৰ সময়তে চীনে উহানৰ গৱেষণাগাৰৰ পৰা ভাইৰাছটো বিয়পাটো ‘অসম্ভৱ’ বুলি কৈ থকা হৈছে আৰু বাৰে বাৰে বিষয়টো ‘ৰাজনীতিকৰণ’ কৰা বুলি কৈ থকাটোৱে অনুসন্ধানত বাধাৰ সৃষ্টি কৰিছে।‘’

টেড্ৰ’ছে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৪খন সদস্য দেশক প্ৰস্তাৱিত দ্বিতীয় পৰ্যায়ৰ অধ্যয়ন সম্পৰ্কত অৱগত কৰিব।