ছেবাৰ কৰ্মকাণ্ডক লৈ কিয় নিমাত এবিভিপি, ভাৰতীয় জনতা যুৱ মৰ্চা ? : অসম তৃণমূল যুৱ কংগ্ৰেছ

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অকৰ্ণমন্যতাক লৈ সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছ৷ ইতিপূৰ্বে মেট্ৰিক পৰীক্ষাত বিজ্ঞানৰ আৰু অসমীয়া বিষয়ৰ প্রশ্ন কাকত ফাদিল হোৱাক লৈ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগ দাবী কৰি শুকুৰবাৰে দিশপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে অসম তৃণমূল কংগ্ৰেছে। সংবাদমেলত অসম তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বন্দীপ দত্তই ছেবাৰ চৰম গাফিলতিক সমালোচনা কৰাৰ লগতে শাসকীয় বিজেপি দলৰ ভগ্নী সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৌনতাৰ সন্দৰ্ভত প্রশ্ন উথাপন কৰে।

লগতে পঢ়কঃ SEBA ৰ কাণ্ডজ্ঞানহীনতা! গণিতত ৫৩ নম্বৰ পোৱা ছাত্ৰই ১০০ নম্বৰৰে লাভ কৰিলে অসমৰ ভিতৰত দশম স্থান 

চূড়ান্ত বেমেজালিৰ পৰিৱেশ সৃষ্টি কৰি অসম মাধ্যমিক শিক্ষা পৰিষদক কোনো ব্যক্তিগত এজেঞ্চীৰ ওচৰত অৰ্পণ কৰাৰ ষড়যন্ত্ৰ চলা বুলি অভিযোগ কৰে তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিজনে। দত্তই লগতে ছেবাৰ গাফিলতি সন্দৰ্ভত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ মৌনতাৰ ওপৰতো প্রশ্ন উত্থাপন কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি প্ৰফেছাৰ ৰবীন কাকতিক আক্ৰমণৰ লক্ষ্য কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি দত্তই কয়,“এখন চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষক হৈ অধ্যাপক ৰবীন কাকতি কেনেকৈ এটা ৰাজনৈতিক ছাত্র সংগঠনৰ সভাপতি হ’বলৈ পালে?এই বিষয়টোত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে চকু দিয়া উচিত।”

লগতে পঢ়কঃ SEBAৰ ল’ৰা ধেমালি! প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি ক’লে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে?

সংবাদমেলত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উথাপন কৰে তৃণমূলৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, “বিজেপি দলৰ যুৱ মৰ্চাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ দখল কৰি থকাৰ পাছতো সিদ্ধাংকু অংকুৰ বৰুৱাই কিয় অসমৰ শিক্ষাৰ্থী সমাজৰ হৈ মাত মতা নাই? ছাত্ৰছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি ছেবাৰ বিৰুদ্ধে এবিভিপি বা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিদ্বয়ক শীঘ্ৰে প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাইছোঁ। তিনিদিনৰ ভিতৰত যদি তেওঁলোকে ছেবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট নকৰে, তেন্তে অসম তৃণমূল যুৱ কংগ্ৰেছে সংগঠন দুটাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তেওঁলোকৰ স্বৰূপ অসমবাসীৰ উদঙাই দিবলৈ বাধ্য হব।”

লগতে পঢ়কঃ নতুন শিক্ষানীতিয়ে AHSECলৈ আনিছে অশনি সংকেত! : SEBAৰ অধ্যক্ষ আৰ চি জৈনৰ বিৰুদ্ধে সৰৱ AHSECৰ অধ্যক্ষ

সংবাদমেলত দত্তই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বাজেটত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্রকাশ কৰে। এই সন্দৰ্ভত দত্তৰ মন্তব্য,“বৰ্তমান ৰাজ্যত নিবনুৱাৰ সংখ্যা ৩০ লাখ। এনে অৱস্থাত বাজেটত মাত্ৰ 8০ হাজাৰ নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়াটোৱেই নিবনুৱা সমস্যা সমাধানত চৰকাৰৰ গা এৰা মনোভাৱক দাঙি ধৰিছে।” আনহাতে সুৰা বিপণীত চুলাই মদ বিক্ৰীৰ অনুমতি দি চৰকাৰে যুৱ প্রজন্মক ধ্বংসৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে।

লগতে পঢ়কঃ পুনৰ কেণা! ফাদিল হৈছিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো!