NORTHEAST NOW (Assamese)

প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতেই ভাইৰেল হ’ল অশ্লীল ভিডিঅ’ : প্ৰাৰ্থীত্ব উঠাই ল’বলৈ বাধ্য হ’ল বিজেপি সাংসদে

March 4, 2024 7:47 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: March 5, 2024 7:28 am

এগৰাকী মহিলাৰ লগত অশ্লীল ভিডিঅ’ ভাইৰেল হৈছে বিজেপি নেতা উপেন্দ্ৰ সিং ৰাৱটৰ। 

উল্লেখ্য যে ৰাৱট  বাৰাবাংকিৰ লোকসভা সমষ্টিৰ সাংসদ। সেই একেটা সমষ্টিৰ পৰা এইবাৰো বিজেপিয়ে টিকেট প্ৰদান কৰিছিল সাংসদগৰাকীক। শনিবাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতেই মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে সাংসদ গৰাকীৰ এটা অশ্লীল ভিডিঅ’।

ভিডিঅ’টোত সাংসদ গৰাকীয়ে এগৰাকী মহিলাৰ সৈতে অশ্লীল আৰু নিৰ্যাতনমূলক সম্পৰ্কত থকা দেখিবলৈ পোৱা গৈছে ।

কিন্তু সোমবাৰে বিজেপি নেতাগৰাকীয়ে ভাইৰেল ভিডিঅ’টো ‘ভুৱা’ বুলি দাবী কৰে। 

নেতাগৰাকীয়ে কয় যে ডিপফেক এআই প্ৰযুক্তি ব্যৱহাৰ কৰি এই অশ্লীল ভিডিঅ’টো তৈয়াৰ কৰা হৈছে। 

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছত উপেন্দ্ৰ সিং ৰাৱটে লোকসভাৰ নিৰ্বাচনী যুঁজৰ পৰা নিজকে আঁতৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অশ্লীল ভিডিঅ’টোৰ কিছু স্ক্ৰীণশ্বট, বিৰোধী নেতাসকলেও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোৰ পৰিপ্ৰেক্ষিতত বিৰোধীয়ে উপেন্দ্ৰ সিং ৰাৱাটাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।

ৰাৱাটে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাক বিষয়টোৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে। লগতে তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত নোহোৱালৈকে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও ঘোষণা কৰিছে।

লগতে এই ভিডিঅ’টোৰ নিৰ্মাতাৰ বিৰুদ্ধে তেওঁ এফআইআৰ দাখিল কৰা বুলিও কয়। তেওঁৰ ব্যক্তিগত সচিবে এই এফআইআৰ দাখিল কৰে। কোতৱালি থানাত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এফআইআৰৰ মতে সাংসদগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ ভাবমূর্তি বিৰূপ কৰিবলৈ একাংশ লোকে এই ভুৱা ভিডিঅ’টো মুকলি কৰিছে৷

Related News