সাৰ-সুৰ নাই, ক’ত হেৰাল দিচপুৰৰ বিধায়ক অতুল বৰা?

Atul-Bora-BJP-750x375

দিচপুৰৰ বিজেপি বিধায়ক অতুল বৰা। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কক অসমৰ দল সংগঠনে সমৰ্থন কৰিলেও তেওঁ অকলেই বিৰোধিতা কৰি যোৱাৰ হুংকাৰ দিয়া এজন বিজেপি বিধায়ক। বিধেয়কখন গৃহীত হ’লে আত্মহননৰ দৰে চৰম পন্থা ল’বলৈ কুন্ঠাবোধ নকৰে বুলিও তেওঁ সদম্ভে ঘোষণা কৰিছিল।

তেওঁ দিচপুৰ বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা। ‘জাতিধ্বংসী’ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছিল দিচপুৰৰ বিধায়কজনে। কিন্তু তেওঁৰ কথা নৰজিল। তেওঁৰ দলটোৱেই নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰালে।

বিধেয়ক লোকসভাত গৃহীত হোৱাৰ ২৪ ঘন্টা পাৰ হ’ল। কিন্তু এতিয়া কোনো প্ৰতিক্ৰিয়া নাই একালৰ জাতীয়তাবাদী মঞ্চৰ এজন বলিষ্ঠ নেতা অতুল বৰাৰ।

এতিয়া কি হ’ব দিচপুৰৰ বিধায়ক অতুল বৰাৰ স্থিতি?

তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে কেইবাবাৰো ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়।

পূৰ্বে তেওঁ বিধেয়কখনৰ বিৰোধিতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰও প্রেৰণ কৰিছিল। জাতিৰ স্বাৰ্থত ‘জাতীয় নায়ক’ক এই বিধেয়ক প্ৰত্যাখ্যান কৰিবলৈ তেওঁ কাতৰ অনুৰোধ জনাইছিল। কিন্তু তেওঁৰ সেই পত্ৰখনলৈ মুখ্য মন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে।

‘আপুনি মূৰত জাতীয় মুকুট পৰিধান কৰি আছে। গতিকে কনৰাড চাংমাৰ দৰে আপুনিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি সঁচা অৰ্থতে যে জাতীয় নায়ক সেই কথা নিশ্চিত কৰক। মোক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত নকৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। কাৰণ মই মন্ত্ৰী হোৱাহেঁতেনে অকলেই এই বিধেয়কখনৰ বিৰোধিতা কৰিবলগীয়া হ’লহেঁতেন’, এইদৰে তেওঁ মুখ্য মন্ত্ৰীলৈ পত্ৰখনত লিখিছিল।

পৰবৰ্তী সময়ত যোৱা ৩০ ডিচেম্বৰতো এখন সংবাদমেল পাতি বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈছিল বিধায়কজন। মুখ্য মন্ত্ৰীৰ স্থিতিক লৈও তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, দিচপুৰৰ বিধায়ক অতুল বৰাই পূৰ্বৰ অসম গণ পৰিষদৰ মন্ত্ৰী হৈ থকা সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰীৰ সৈতে হোৱা মতানৈক্যৰ বাবেই দল ত্যাগ কৰিছিল। অগপ এৰি তেওঁ তৃণমূল গণ পৰিষদ গঠন কৰিছিল। তৃণমূল গণ পৰিষদৰ পৰা তেওঁ ২০০১ আৰু ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত দিচপুৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছিল যদিও জয়ী হ’ব পৰা নাছিল।

পৰৱৰ্তী সময়ত পুনৰ অগপলৈ উভতি আহি ২০১১ চনত পুনৰ অগপৰ টিকটত দিচপুৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা বৰাই তৃতীয়বাৰলৈ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

২০১৩ চনত বিজেপিত যোগদান কৰা অতুল বৰাই ২০১৬ চনৰ নিৰ্বাচনত বিপুল সংখ্যক ভোটত দিচপুৰ সমষ্টিৰ পৰা বিজয়ী হৈছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ পক্ষত থাকি বিধায়ক বৰাই দলটোৰ লগতে মুখ্য মন্ত্ৰীক সৈমান কৰাবলৈ চেষ্টা চলালে যদিও তেওঁ সফল হ’ব নোৱাৰিলে। এতিয়া বিধায়কজনৰ স্থিতি কি হ’ব সেইয়া এক প্ৰশ্ন হিচাপে উত্থাপিত হৈছে।

ইপিনে, বিধায়কজনক পূৰ্বৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে।

‘’অতুল বৰাই বিজেপি দলৰ বিপৰীতে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান লৈছিল। তেওঁ জাতীয়তাবাদী শিবিৰৰ পৰাই গৈ বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিত আছে যদিও বিগত সময়ত বিধেয়কখনৰ বিৰোধিতা কৰি এক সাহসী পদক্ষেপ লৈছিল। গতিকে তেওঁ সেই স্থিতিতেই থকাটো আমি বিচাৰো,‘’-মেধিয়ে এইদৰে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি বিধায়কজনৰ পূৰ্বৰ দৰে এইবাৰো দলৰ লগত মতানৈক্য ঘটিছে। গতিকে প্ৰবীণ জাতীয়তাবাদী শিৱিৰৰ নেতাজনে এইক্ষেত্ৰত নিজৰ স্থিতিক আপোচ নকৰি বিজেপি ত্যাগ কৰিব পাৰে নেকি? নে তেওঁৱো সাংসদ বিজয়া চক্ৰৱৰ্তীৰ দৰে পূৰ্বৰ স্থিতি পৰিহাৰ কৰি দলৰ লগতেই সুৰ মিলাই থাকিব? এই প্ৰশ্নৰ উত্তৰ এতিয়া কি অতুল বৰাৰ?