NORTHEAST NOW (Assamese)

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

May 25, 2025 9:00 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 25, 2025 5:51 pm

বহুতো লোকৰ মুখৰ ভিতৰত ছাল ছিগে। যাৰ ফলত পীড়াদায়ক ঘাঁৰ সৃষ্টি হয়। এনে ঘাঁক চিকিৎসাৰ ভাষাত মাউথ আলচাৰ বুলি কোৱা হয়। এনে ঘাঁৰ ফলত তীব্ৰ বিষ হোৱাৰ লগতে পানী খোৱা বা খাদ্য খোৱাত বৰ সমস্যাৰ সৃষ্টি হয়। গতিকে

জানো আহক  এই ঘাঁ হোৱাৰ কাৰণ –

১. পুষ্টিৰ অভাৱ : ভিটামিন বি১২, ফলিক এচিড, আইৰন বা জিংকৰ অভাৱত মুখত ঘাঁ হব পাৰে।

২. হজমৰ সমস্যা : কোষ্ঠকাঠিন্য বা অম্লপিত্তৰ ফলত মুখৰ আলচাৰ হব পাৰে।

৩. চাপ বা মানসিক উৎকণ্ঠা : অত্যধিক মানসিক চাপ বা উদ্বেগৰ কাৰণে মুখত ঘাঁ হোৱাৰ সম্ভাৱনা বাঢ়ে।

৪. মুখৰ আঘাত : দাঁত কামুৰ খালে বা টান খাদ্য চোবাওতে মুখৰ ঘাঁ হব পাৰে।

৫. হৰমনৰ পৰিৱৰ্তন : মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱ, গৰ্ভাৱস্থা বা হৰমনৰ ভাৰসাম্যহীনতাৰ কাৰণে মুখত ঘাঁ হব পাৰে।

৬. খাদ্যৰ এলাৰ্জি বা সংবেদনশীলতা : কিছুমান খাদ্য, যেনে মচলাযুক্ত খাদ্য, এচিডিক ফল বা এলাৰ্জি সৃষ্টিকাৰী খাদ্যৰ বাবে মুখত ঘাঁ হব পাৰে।

৭. ৰোগ বা সংক্ৰমণ :    হাৰ্পিছ ভাইৰাছ বা অন্যান্য সংক্ৰমণৰ ফলত মুখত ঘাঁ হব পাৰে। অটোইমিউন ৰোগ যেনে বেহচেটছ ডিজিজ বা ক্ৰছ ডিজিজৰ ফলতো মুখত ঘাঁ হব পাৰে।

৮. মুখৰ কৰ্কট ৰোগ : দীৰ্ঘদিন ধৰি থকা ঘাঁ মুখৰ কৰ্কটৰ লক্ষণ হব পাৰে।

৯. ঔষধৰ পাৰ্শ্বক্ৰিয়া : কিছুমান ঔষধ যেনে কেমোথেৰাপিৰ ঔষধ বা নন-ষ্টেৰয়ডেল এন্টি-ইনফ্লেমেটৰি ড্ৰাগছ (NSAIDs)ৰ বাবেও মুখৰ ভিতৰত ঘাঁ হ’ব পাৰে।

১০. ধূমপান বা তামোলৰ অভ্যাস : তামোল-পাণ বা ধূমপানৰ ফলত মুখৰ ছালৰ ক্ষতি হৈ ঘাঁ হব পাৰে।

১১. দাঁতৰ সমস্যা : দাঁতৰ তীক্ষ্ণ ধাৰ বা অসমান দাঁতে মুখৰ ভিতৰৰ ছালত আঘাত কৰি ঘাঁৰ সৃষ্টি কৰিব পাৰে।

প্ৰতিৰোধ আৰু চিকিৎসা:

ক) পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক, বিশেষকৈ ভিটামিন বি, চি আৰু আইৰন সমৃদ্ধ খাদ্য খাওক।

 খ) মুখৰ পৰিচ্ছন্নতা বজাই ৰাখক।

গ) মচলাযুক্ত বা এচিডিক খাদ্য এৰাই চলক।

ঘ) প্ৰচুৰ পৰিমাণে পানী খাওক।

ঙ) ঘাঁ বেছি দিন থাকিলে বা বাৰে বাৰে হলে চিকিৎসকৰ পৰামৰ্শ লওক।

চ) প্ৰতিকাৰৰ ঘৰুৱা উপায় হিচাপে নিমখ পানীৰে মুখ ধোৱা, নাৰিকল তেল বা গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে।

Related News