এটা আদিম জনগোষ্ঠী।
জনগোষ্ঠীটোৰ নাম মুৰ্চি। মুৰ্চি জনগোষ্ঠীৰ যুৱতী-মহিলা সকলে কৰা এক বিশেষ সৌন্দৰ্য চৰ্চাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে।
ইথিঅ’পিয়াৰ দক্ষিণ অঞ্চলত বাস কৰা এই জনগোষ্ঠীটোৱে বাহিৰৰ বিশ্বৰ সৈতে বিশেষ কোনো সম্পৰ্ক ৰক্ষা কৰি নচলে।
নিজৰ মাজতে জনগোষ্ঠীটোৰ লোক সকলে সুখ-দুখ ভগাই লৈ আহিছে।
মুৰ্চি জনগোষ্ঠীৰ মহিলা –যুৱতী সকলে সৰুৰে পৰাই মুখৰ ভিতৰত এখন ডাঙৰ কাহী সুমুৱাই লয়। ইয়াৰ বাবে তেওঁলোকে সকলো দাঁত সৰুৱাই ল’বলগীয়া হয়।
এনেদৰে দিনৰ পিছত দিন ধৰি মহিলা-যুৱতীসকলে মুখৰ ভিতৰত কাহী সুমুৱাই ৰখাৰ ফলত এটা সময়ত তেওঁলোকৰ তলৰ ওঁঠটো আচৰিত ধৰণে বহল হৈ পৰে।
যুগ যুগ ধৰি মুৰ্চি মহিলা-যুৱতীয়ে সৌন্দৰ্য চৰ্চাৰ নামত এনে কৰি আহিছে।
ফলত জনগোষ্ঠীটোৰ প্ৰায় সকলো মহিলা-যুৱতীৰেই ওঁঠ ইমানেই বহল হৈ পৰে যে যিকোনো সময়তে তেওঁলোকে মুখেৰে বিশাল কাহী একোখন ভৰাই ল’ব পাৰে।
জনগোষ্ঠীটোৰ নাৰী সকলে এনে অদ্ভুত সৌন্দৰ্য চৰ্চা কৰাৰ আঁৰত এটা বিশেষ কাৰণ থকা বুলি জনগোষ্টীটোৰ মুখীয়াল লোক সকলে কব বিচাৰে।
ইথিঅ’পিয়াৰ অৰণ্যৰ মাজত বাস কৰা জনগোষ্ঠীটোৰ মাজত আজিও দাস প্ৰথা অব্যাহত আছে।
জনগোষ্ঠীটোৰ প্ৰভাৱশালী লোকসকলে ধনিীয়া ছোৱালী বোৰক নিজৰ দাস কৰি লয় বাবেই তেনে লোকৰ চকুত কুৎসিত দেখাবলৈ নাৰীসকলে ওঁঠ বহল কৰিবলৈ সৰুৰে পৰাই মুখত কাহী ভৰাই ৰাখে।
ফলত তেওঁলোকৰ ওঁঠ দেখিবলৈ বেয়া হৈ পৰে আৰু তলৰ ওঁঠ তললৈ ওলমি আহে।