গ্ৰামাঞ্চলৰ ৰাইজৰ ওপৰত কৰ জাপি দিব বিচাৰিছিল কিয়? এই সিদ্ধান্ত কাৰ আছিল?

Untitled-1-copy3-750x375

ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে হঠাতে যিকোনো সিদ্ধান্ত গ্রহণ কৰে আৰু আকৌ সেই সিদ্ধান্ত সলনি কৰে। বর্তমানৰ চৰকাৰৰ বাবে এয়া এক স্বাভাৱিক কথা।

শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ ৰাইজৰ ওপৰত কৰ আৰোপ কৰিব বিচাৰিছিল। নাগৰিক চনদৰ জৰিয়তে ঘোষণা কৰিছিল যে গ্ৰামাঞ্চলত আবাসিক ঘৰ, দোকান, আন ব‍্যৱসায়িক প্ৰতিষ্ঠান আদিৰ বাবে পঞ্চায়তৰ অনুমতি ল’ব লাগিব। আৰু ইয়াৰ বাবে কৰ দিব লাগিব পঞ্চায়তক।

চৰকাৰৰ এই জাননীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিধানসভাৰ বাহিৰে ভিতৰে বিৰোধীয়ে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায। এই পৰিস্থিতিত চৰকাৰে গাঁৱৰ ৰাইজৰ ওপৰত জাপি দিয়া কৰ প্ৰতাহাৰ কৰে।

ইয়াৰ দ্বাৰাই প্ৰমাণ হয় চৰকাৰৰ কাম কাজৰ স্বৰূপ। প্ৰশ্ন হয় এই সিদ্ধান্ত কোনে লৈছিল? পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে নিজাববীয়াকৈ সিদ্ধান্ত লৈছিল নেকি?

দিছপুৰৰ খবৰ ৰখা সকলোৱে জানে যে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি অবিহনে কোনো মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। গাঁৱৰ ৰাইজৰ ওপৰত কৰ জাপি দিব বিচৰা কাৰ্য ৰঞ্জিত দাসে অকলে লোৱা নাছিল। কিন্তু প্ৰতিক্ৰিয়াৰ পিছত এনেকুৱা ধাৰণা দিব বিচৰা হৈছে যে মুখ্য মন্ত্ৰীৰ অগোচৰে ৰঞ্জিত দাসে নিজে সিদ্ধান্ত লৈছিল।

এয়া মুখ্য মন্ত্ৰীৰ দায় সৰা মানসিকতাৰ বাহিৰে আন কি?

আনহাতে, ইয়াত চৰকাৰৰ সমন্বয়হীনতা প্ৰকাশ পাইছে নেকি? ইয়াৰ দ্বাৰা মুখ্য মন্ত্ৰীৰ চৰকাৰ পৰিচালনাৰ ব্যৰ্থতা প্ৰকাশ হৈছে।

আগতেও কেবাটাও বিষয়ত এনে পৰিস্থিতি হৈছে। শক্তি বিভাগৰ বিদ্যুৎ বিলক লৈ একেই অৱস্থা হোৱা পৰিলক্ষিত হৈছিল। চৰকাৰী কৰ্মচাৰীৰ বিদ্যুৎ বিল পৰিশোধ নথি অবিহনে দৰমহা দিয়া নহব বুলি জাননী দি সেই সিদ্ধান্ত সলনি কৰিছিল।

এনে কাৰ্যৰ পৰা প্ৰমাণ হয় যে ভুল সিদ্ধান্তৰ দায়িত্ব মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰীলৈ ঠেলে। নিজে দায়িত্ব নলয়। ই মুখ্য মন্ত্ৰী ৰূপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতা।