NORTHEAST NOW (Assamese)

নিৰ্বিচাৰে বনাঞ্চল ধ্বংস কিয়? তেলেংগানা চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

April 16, 2025 9:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 16, 2025 6:53 pm

“বহু সংখ্যক গছ কাটি পেলোৱাটো হত্যাতকৈও ডাঙৰ অপৰাধ!” কিছুদিন পূৰ্বে আগ্ৰাৰ ‘তাজ ট্ৰেপেজিয়াম জত গছ কটাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে জনস্বাৰ্থৰ গোচৰত হায়দৰাবাদত নিৰ্বিচাৰে গছ কটাৰ বাবে তেলেংগানা চৰকাৰক তিৰস্কাৰ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশগৰাকীয়ে কয় যে উন্নয়নতকৈ সেউজ প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

হায়দৰাবাদৰ কাঞ্চা গাচিবৌলি অঞ্চলত চৰকাৰী প্ৰকল্পৰ বাবে বৃহৎ সংখ্যক গছ কটাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰা হয়। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি আগবঢ়ায় যে এই অঞ্চলৰ উন্নয়ন প্ৰকল্পৰ বাবে ৫০ হাজাৰ কোটি টকা ব্যয় হব আৰু প্ৰায় ১ লাখ লোকৰ জীৱিকাৰ ব্যৱস্থা কৰা হব। লগতে তেওঁ কয় যে অধিকাংশ গছ কাটিবলৈ অনুমতি লাভ কৰা হৈছিল। কেইজোপামান গছৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। কিন্তু আদালতে বিষয়টো ইমান সহজভাৱে লবলৈ সন্মত নহল। ন্যায়াধীশে কয়, “গছ কাটিবলৈ আপোনাৰ কৰ্তৃপক্ষৰ অনুমতি আছেনে? আমি ইয়াত পৰিৱেশ ৰক্ষাৰ বাবে আহিছো।”

উচ্চতম ন্যায়ালয়ে অধিবক্তা সিংভীক সোঁৱৰাই দিয়ে যে বিগত সময়ত চণ্ডীগড় চহৰৰ সুখনা হ্ৰদ বচাবলৈ আদালতে এটা গৃহ নিৰ্মাণ প্ৰকল্প বন্ধ কৰি দিছিল। ইয়াতো মূল গুৰুত্বপূৰ্ণ বিষয়টো হল সেউজ প্ৰকৃতিক ৰক্ষা কৰা। উচ্চতম ন্যায়ালয়ে তেলেংগানা চৰকাৰক দিয়া সতৰ্কবাণীটো হল এই প্ৰকল্পটোক ন্যায্যতা প্ৰদান কৰাৰ পৰিৱৰ্তে আপুনি ইয়াক পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰাটো ভাল হব। নহলে কিমান চৰকাৰী বিষয়াই পদত্যাগ কৰিব লাগিব আমি নাজানো। ন্যায়াধীশগৰাকীয়ে আৰু কয়, “অৰণ্যত বুলডজাৰৰ উপস্থিতিৰ বিষয়ে আমি অৱগত। ১০০ কোটি টকাৰ এখন বনাঞ্চল ধ্বংস কৰা হৈছে। এতিয়া ৰাজ্যখনে চাব লাগিব – নদীৰ পাৰত তেওঁলোকে অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰিব বিচাৰে নেকি? যাতে তাত চৰকাৰী বিষয়া কেইমাহমান থাকিব পাৰে!”

মন কৰিবলগীয়া যে, আগ্ৰাৰ ‘তাজ ট্ৰেপেজিয়াম জনত গছ কটাৰ সন্দৰ্ভত এটা গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰতিজোপা গছত এক লাখ টকাৰ জৰিমনা বিহিছিল। অভিযোগ অনুসৰি আইনক আওকাণ কৰি তাত ৪৫৪ জোপা গছ কাটি পেলোৱা হৈছিল। সেই গোচৰত উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে ৪৫৪জোপা গছৰ পৰা যি পৰিৱেশৰ সুবিধা লাভ কৰিব পাৰিলেহেঁতেন, সেই সুবিধা পুনৰ ঘূৰাই আনিবলৈ কমেও ১০০ বছৰ সময় লাগিব।

Related News