• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বিচাৰে বনাঞ্চল ধ্বংস কিয়? তেলেংগানা চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2025 9:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বহু সংখ্যক গছ কাটি পেলোৱাটো হত্যাতকৈও ডাঙৰ অপৰাধ!” কিছুদিন পূৰ্বে আগ্ৰাৰ ‘তাজ ট্ৰেপেজিয়াম জ’ন’ত গছ কটাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে জনস্বাৰ্থৰ গোচৰত হায়দৰাবাদত নিৰ্বিচাৰে গছ কটাৰ বাবে তেলেংগানা চৰকাৰক তিৰস্কাৰ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশগৰাকীয়ে কয় যে উন্নয়নতকৈ সেউজ প্ৰকৃতিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

হায়দৰাবাদৰ কাঞ্চা গাচিবৌলি অঞ্চলত চৰকাৰী প্ৰকল্পৰ বাবে বৃহৎ সংখ্যক গছ কটাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰা হয়। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি আগবঢ়ায় যে এই অঞ্চলৰ উন্নয়ন প্ৰকল্পৰ বাবে ৫০ হাজাৰ কোটি টকা ব্যয় হ’ব আৰু প্ৰায় ১ লাখ লোকৰ জীৱিকাৰ ব্যৱস্থা কৰা হ’ব। লগতে তেওঁ কয় যে অধিকাংশ গছ কাটিবলৈ অনুমতি লাভ কৰা হৈছিল। কেইজোপামান গছৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। কিন্তু আদালতে বিষয়টো ইমান সহজভাৱে ল’বলৈ সন্মত নহ’ল। ন্যায়াধীশে কয়, “গছ কাটিবলৈ আপোনাৰ কৰ্তৃপক্ষৰ অনুমতি আছেনে? আমি ইয়াত পৰিৱেশ ৰক্ষাৰ বাবে আহিছো।”

Apply Now

উচ্চতম ন্যায়ালয়ে অধিবক্তা সিংভীক সোঁৱৰাই দিয়ে যে বিগত সময়ত চণ্ডীগড় চহৰৰ সুখনা হ্ৰদ বচাবলৈ আদালতে এটা গৃহ নিৰ্মাণ প্ৰকল্প বন্ধ কৰি দিছিল। ইয়াতো মূল গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সেউজ প্ৰকৃতিক ৰক্ষা কৰা। উচ্চতম ন্যায়ালয়ে তেলেংগানা চৰকাৰক দিয়া সতৰ্কবাণীটো হ’ল এই প্ৰকল্পটোক ন্যায্যতা প্ৰদান কৰাৰ পৰিৱৰ্তে আপুনি ইয়াক পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰাটো ভাল হ’ব। নহলে কিমান চৰকাৰী বিষয়াই পদত্যাগ কৰিব লাগিব আমি নাজানো। ন্যায়াধীশগৰাকীয়ে আৰু কয়, “অৰণ্যত বুলডজাৰৰ উপস্থিতিৰ বিষয়ে আমি অৱগত। ১০০ কোটি টকাৰ এখন বনাঞ্চল ধ্বংস কৰা হৈছে। এতিয়া ৰাজ্যখনে চাব লাগিব – নদীৰ পাৰত তেওঁলোকে অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰিব বিচাৰে নেকি? যাতে তাত চৰকাৰী বিষয়া কেইমাহমান থাকিব পাৰে!”

মন কৰিবলগীয়া যে, আগ্ৰাৰ ‘তাজ ট্ৰেপেজিয়াম জ’নত গছ কটাৰ সন্দৰ্ভত এটা গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰতিজোপা গছত এক লাখ টকাৰ জৰিমনা বিহিছিল। অভিযোগ অনুসৰি আইনক আওকাণ কৰি তাত ৪৫৪ জোপা গছ কাটি পেলোৱা হৈছিল। সেই গোচৰত উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে ৪৫৪জোপা গছৰ পৰা যি পৰিৱেশৰ সুবিধা লাভ কৰিব পাৰিলেহেঁতেন, সেই সুবিধা পুনৰ ঘূৰাই আনিবলৈ কমেও ১০০ বছৰ সময় লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd