• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক ‘মানসিক ৰোগী’ সজাবলৈ উঠিপৰি লাগিছে?

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
May 25, 2021 4:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত অগ্নিবৰ্ষী বিৰোধী বিধায়ক অখিল গগৈক ‘মানসিক ৰোগী’ হিচাপে ‘তাচ্ছিল্য’ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিতৰ্কৰ মাজলৈ ঘুৰি আহিছে।

ৰাজ্যপালৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ দিবলৈ গৈ শৰ্মাই সোমবাৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক অসম বিধানসভাৰ অধিৱেশনত উপস্থিত থকাৰ বাবে অনুমতি বিচাৰি কৰা অনুৰোধ প্ৰত্যাখ্যান কৰে।

বিধানসভাত শৰ্মাই কয় যে অখিল গগৈ এগৰাকী মানসিক ৰোগী, মানসিক অৱস্থা ভাল নহয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ মানসিক ৰোগৰ  বাবে চিকিৎসা কৰি থকা হৈছে।

ক্ষমতাৰ বাঘজৰী হাতত লৈ আত্মহাৰা হৈ পৰা মুখ্যমন্ত্ৰী শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এগৰাকী ডক্টৰেট উপাধিধাৰী হোৱাৰ পাছতো সম্ভৱত: সংসদীয় ৰাজনীতিৰ মৌলিক নীতি যে মৰ্যাদা আৰু শৃংখলা সেয়া পাহৰি গৈছে।

ৰাজ্য বিধানসভা তথা সংসদৰ এই মৌলিক নীতিসমূহ সদায় ‘আদৰ্শবাহী’ হিচাপে বিবেচিত আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে ভাৰতৰ দৰে গণতন্ত্ৰত শপত লৈ এই নীতিসমূহৰ সংৰক্ষণ, সুৰক্ষা তথা স্থাপনা কৰি আহিছে।

দৰাচলতে, মৰ্যাদা আৰু শৃংখলা ভংগই সংসদীয়া গণতন্ত্ৰৰ দৰে প্ৰতিষ্ঠানত ভাঙোনৰ সৃষ্টি কৰে।

আশ্চৰ্যজনক কথা কেনেকৈ আইনৰো এগৰাকী স্নাতক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাহৰি গৈছে যে ভাৰতত ৰোগীসকলে ৰোগীৰ অধিকাৰ নিয়মাৱলীৰ ৰূপত  কিছুমান নিৰ্দিষ্ট সুৰক্ষা তথা গোপনীয়তা লাভ কৰে।

অনুচ্ছেদ ২১ত সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতাৰ কথা স্পষ্টকৈ উল্লেখ থকা ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ (প্ৰফেশ্যনেল কন্ডাক্ট, এটিকুৱেইট এণ্ড এথিকছ) নিয়মাৱলী ২০০২য়ে নিশ্চিত কৰিছে যে চিকিৎসক, স্বাস্থ্যকৰ্মী আদি আৰু ৰাষ্ট্ৰই ৰোগীৰ সন্মতি অবিহনে বেমাৰ বা লক্ষণৰ সৱিশেষ প্ৰকাশ কৰিব নোৱাৰে।

অনুচ্ছেদ ২১ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ (প্ৰফেশ্যনেল কন্ডাক্ট, এটিকুৱেইট এণ্ড এথিকছ) নিয়মাৱলী ২০০২ৰ উপৰি কনজিউমাৰ প্ৰটেকশ্যন এক্টি ১৯৮৬, ড্ৰাগছ এণ্ড কছমেটিক এক্ট ১৯৪০ আৰু ক্লিনিকেল এষ্টাব্লিছমেন্ট এক্ট ২০১০ৰ অধীনত ৰোগীৰ অধিকাৰ সম্পৰ্কীয় কেইবাটাও আন আইনী ধাৰা আছে।

প্ৰচলিত ব্যৱস্থাত সামাজিক অস্পৃশ্যতা  জড়িত হৈ থকাৰ কাৰণে কাৰোবাৰ মানসিক স্বাস্থ্যৰ বিষয়ে ৰাজহুৱাকৈ কোৱাটো নিশ্চিতভাৱে ‘নীতিবিৰুদ্ধ’।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে এনে বক্তৱ্য ৰখাটোৱে ‘নীতি বিৰুদ্ধ ধাৰণা’টোক আৰু অধিক মাত্ৰা প্ৰদান কৰিছে।

নিশ্চিতভাৱে শক্তিশালী আৰটিআই কৰ্মী তথা কৃষক নেতা অখিল গগৈ সাংঘাতিকভাৱে ৰাজনৈতিক চাপত আছে কিয়নো তেওঁ বিগত ১৭ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে।

২০১৯ৰ ডিচেম্বৰচ তেওঁক ৰাজ্যখনত চলা কা-বিৰোধী প্ৰতিবাদৰ সময়ত হিংসাত্মক ভূমিকা পালন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। সেইদৰে, ভাৰতৰ সন্ত্ৰাসবিৰোধী টাস্ক ফোৰ্চ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ)ই গোচৰটো গ্ৰহণ কৰিছিল।

কোভিড-১৯ অতিমাৰীৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত অখিল গগৈৰ পজিটিভ ধৰা পৰিছিল আৰু হাস্পাতালত ভৰ্তি হৈছিল। তেতিয়াৰে পৰা তেওঁ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালতে আছে।

আইনী প্ৰত্যাহ্বান তথা ৰাজনৈতিক চাপ সত্ত্বেও অখিল গগৈয়ে কাৰাগাৰাৰ পৰাই ৰাইজৰ দল গঠন কৰি শিৱসাগৰত নিৰ্বাচন খেলি বিজেপিৰ সুৰভি ৰাজকোঁৱৰক পৰাজিত কৰে।

অখিল গগৈৰ নিৰ্বাচনী বিজয়ে ইতিমধ্যে অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰ সৃষ্টি কৰিছে। তেওঁ কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলি বিজয়ী হোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে, তাকো কোনো  ব্যক্তিগতভাৱে নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈয়ে।

যোৱা ২১ মে’ত এগৰাকী বিধায়ক হিচাপে অসম বিধানসভাত শপত লোৱাৰ বাবে এখন ভঙাছিঙা বাছত অখিল গগৈক হাস্পাতালৰ পৰা লৈ আনি ৰাজ্য চৰকাৰে ইতিমধ্যে ভুল কৰিছে।

অসম বিধানসভাৰ ভিতৰত নিৰাপত্তা বিহানীৰ লোকে অখিল গগৈক টনা আজোৰা কৰা ভিডিঅ’ ভাইৰেলহৈ পৰিছিল, আৰু ৰাজনীতিৰ উৰ্ধত গৈ ৰাইজে চৰকাৰক এনে কাৰ্যৰ বাবে সমালোচনা কৰিছিল।

প্ৰকৃততে, অখিল গগৈৰ মানসিক স্বাস্থ্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহিছিল কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে নৱ নিৰ্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক কাৰাৰুদ্ধ বিধায়কগৰাকীক বিধানসভাৰ উদ্বোধীন তিনিদিনীয়া অধিৱেশনত উপস্থিত থকাৰ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ প্ৰত্যুত্তৰ হিচাপে।

শৰ্মাই যুক্তি দেখুৱাইছিল যে কোভিড প্ৰট’কলৰ বাবে অসম বিধানসভাই এগৰাকী ‘মানসিক ৰোগী’ক অধিৱেশনত উপস্থিত থাকিবলৈ অনুমতি দিব নোৱাৰে আৰু অখিল গগৈয়ে প্ৰথম দিনটোতে সকলোৰে লগত কথা পাতিবলৈ এঠাইৰ পৰা আনঠাইলৈ যোৱা বুলি অভিযোগ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে, হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসকে তেওঁক জনাইছিল যে অখিল গগৈ এগৰাকী ‘মানসিক ৰোগী’ আৰু তেওঁক চিকিৎসাৰ প্ৰয়োজন।

এয়া কি সাধাৰণ আশ্চৰ্যৰ বিষয়? আইনৰ কি ধাৰাৰ অধীনত চিকিৎসকে অখিল গগৈৰ বেমাৰৰ সৱিশেষ অসমৰ মুখ্যমন্ত্ৰীক জনাইছিল?

চিকিৎসকসকলে অখিল গগৈৰ বেমাৰৰ সৱিশেষ মুখ্যমন্ত্ৰীক জনাই আইনৰ ধাৰা ভংগ কৰা নাইনে?

ইয়াৰ লগতে ৰোগীৰ ব্যক্তিগত গোপনীয়তাৰ আইন অনুসৰি, চিকিৎসকসকলে পাহৰি গৈছে নেকি তেওঁলোকে লোৱা শপতৰ কথাও?

চিকিৎসকসকলে মুখ্যমন্ত্ৰীক তেওঁৰ বেমাৰৰ সৱিশেষ জনাওতে অখিল গগৈৰ সন্মতি লোৱা নাছিল।

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কৈছে যে এয়া অসম বিধাসভাৰ বাবে ‘অসন্মানজনক’ আৰু এটা ‘সস্তীয়া মন্তব্য’।

গগৈয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে অসম বিধানসভাত ভৱিষ্যতে এটা বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ অনাৰ ভাবুকি দিছে।

এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে –অখিল সঁচাকৈয়ে এগৰাকী ‘মানসিক ৰোগী’। নে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক এগৰাকী ‘মানসিক ৰোগী’ সজাই ব্যৱস্থাটোৰ পৰা সম্পূৰ্ণ অঁতৰাই ৰাখিব বিচাৰিছে?

কটন কলেজৰ দিনবোৰৰ পৰাই ‘চিৰ শত্ৰু’ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ দুয়োগৰাকীয়ে প্ৰায়েই বিগত কেইবাবছৰো ধৰি যুক্তি-তৰ্কত লিপ্ত হৈ আহিছে। অগ্নিবৰ্ষী আৰটিআই কৰ্মীগৰাকীয়ে সদায় শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ আহিছে আৰু তেওঁৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আনিছে।

শৰ্মাই ভালদৰে জানে যে যদি অখিল গগৈক অসম বিধানসভাত নিয়মীয়াকৈ অধিৱেশনত উপস্থিত থাকিবলৈ অনুমতি দিয়া হয়, তেওঁ শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সদা সৰৱ হৈ পৰিব আৰু তেওঁ মন্ত্ৰী কিছুমানৰ বাবে বৰ্তি থকাটো কঠিন হৈ পৰিব।

অখিল গগৈ চৰকাৰী নথি বিচাৰি উলিওৱাত সিদ্ধহস্ত আৰু বিধানসভাত প্ৰশ্নোত্তৰ কালত তথা আন সময়ত ধুমুহাৰ সৃষ্টি কৰিব পাৰে।

আকৌ অখিল গগৈক যদি ‘মানসিক ৰোগী’ বুলি প্ৰমান কৰিব পাৰে, তেতিয়া অসম বিধাসভাত তেওঁৰ প্ৰৱেশ নিষিদ্ধ হ’ব আৰু এক ‘দুৰ্বল বিৰোধী’ৰ উপস্থিতিত ট্ৰেজাৰী বেন্সে বিধেয়কসমূহ গৃহীত কৰাৰ লগতে আন কাৰ্যসূচীও বাধাহীনভাৱে আগবঢ়াই নিব পাৰিব।

ইয়াৰ মাজতে, সোমবাৰে নিশা শিৱসাগৰত আৰক্ষীয়ে অভিযান চলাই কৃষক মুক্তি আৰু আন জাতীয় সংগঠনৰ চাৰি গৰাকী নেতাক আটক কৰে।

বাতৰি অনুসৰি, ছাত্ৰ মুক্তি সংগ্ৰামসমিতিৰ নেতা মানস কোঁৱৰ, অসম যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জিতু মেছ, ৰাইজৰ দলৰ নেতা পদ্মকান্ত দাস আৰু বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাক যোৱা নিশা গ্ৰেপ্তাৰ কৰা হয়।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd