ইছলাম ধৰ্মাৱলম্বী লোক এজনৰ বাবে ৰমজান মাহ যেনেদৰে এক পবিত্ৰ মাহ, সেইদৰে বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবেও ভাদ মাহ এক পবিত্ৰ মাহ। এই মাহটোত ভক্তিৰসত ডুব যায় অসমীয়া বৈষ্ণৱ সমাজ।
হৰিবন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ নামঘৰ। কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে।
কাহিলিপুৱাতে হালখন লৈ পথাৰলৈ যোৱা কৃষকজন, বেলি ওলোৱাৰ লগে লগে মুখত কিবা অলপ ভৰাই চহৰৰ বজাৰলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীজন- গধূলি এপাক নামঘৰলৈ যাবলৈ কোনেও নাপাহৰে।
প্ৰায় সমগ্ৰ মাহজুৰি ৰাজ্যত নাম-প্ৰসংগ চলে। গঞাই পাল পাতি নামঘৰত প্ৰসাদ আগবঢ়ায়।
কিয় পবিত্ৰ হিচাপে গণ্য কৰা ভাদমাহক?জানেনে?
ভাদ মাহতে হয় অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও ভাদ মাহতে।
এই কথাকে সৰোগত কৰি ভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম-কীৰ্তন কৰা হয়। ভাদ মাহৰ তাৎপৰ্যক অইন ধৰণেও বিচাৰ কৰি চাব পাৰি।
ব’হাগৰ পৰা শাওণমাহলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্যসম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক শ্ৰম কৰিব লগা হয়। কৃষকে শাওণৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ জিলমিল সপোন। ভাদ মাহ যেন অলপ জিৰণিৰ সময়।
জিৰণিৰ সময়ছোৱাত দুয়োজনা মহাপুৰুষ, শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাৰ থলীলৈ গৈ হৰিনামৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোঁৱাই আশিস লয়।
বহুতো অসমীয়াই ভাদ মাহত বৰদোৱা, বৰপেটা আদি নামঘৰত শৰাই এখন দিয়াৰ ‘মানস’ কৰে। ভাদমহীয়া নাম-কীৰ্তনৰ বাবে ৰাজ্যৰ কেইবাখনো নামঘৰ বা সত্ৰ ভকতসমাজত প্ৰসিদ্ধ যদিও বৰদোৱা আৰু বৰপেটা নামঘৰত অনুষ্ঠিত ভাদমহীয়া অনুষ্ঠানৰ বিষয়ে কিছু কথা জানো আহক।
বৰদোৱা থান:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমি বটদ্ৰৱা বা বৰদোৱা। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ এখন সৰু ঠাই। বৰদোৱাত দুখন সত্ৰ আছে—শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰ।
দুয়োখন সত্ৰতে অতীজৰ পৰাই ভাদ মাহত চৈধ্য প্ৰসংগ কৰাৰ পৰম্পৰা চলি আহিছে। পবিত্ৰ ভাদ মাহৰ প্ৰতিদিনেই সহস্ৰাধিক ভক্তৰ সমাগম ঘটে। শ্ৰীমন্ত শংকৰদেৱৰ তিথিত ভাওনা কৰাও হয়।
দিনত ভোজন বিহাৰ আৰু ৰাতি সাধাৰণতে ‘ৰুক্মিণী হৰণ’ বা ‘কংস বধ ভাওঁনা’ পৰিবেশন কৰা হয়। মাধৱদেৱৰ তিথিত দিনত ‘দধিমথন’ আৰু নিশা ‘পাৰিজাত হৰণ’ পৰিবেশন কৰা হয়।
জন্মোৎসৱত জন্মযাত্ৰা, নন্দোৎসৱ, বোকা ভাওঁনা কৰা হয়। আনহাতে পুৱাৰ পৰা নিশালৈ চলা নাম-প্ৰসংগত পুৱা তাল-প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্ৰসংগ, নাম, ঘোষা-কীৰ্তনৰনাম, অইসকলৰ নাম। ইয়াৰ পিচতেই গুণমালা, বিয়লি খোল-প্ৰসংগ, ঘোষা, নিশালৈ প্ৰংসগীয়া নাম আৰু খোলৰ মেহপা লগোৱা হয়। এয়াই চৈধ্য প্ৰসংগ।
বৰপেটা সত্ৰ:
মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ বিষয়ে নতুনকৈ ক’বলগা একো নাই। বৰপেটা সত্ৰক দ্বিতীয় বৈকুণ্ঠ ধাম বুলি কোৱা হয়। আজি একবিংশ শতিকাতো ঐতিহাসিক চহৰখনত ২৪ ঘণ্টাই নাম-প্ৰসংগ হৈয়েই থাকে। ক’ৰবাত নহয় ক’ৰবাৰ পৰা নামৰ ধ্বনি কাণত পৰিবই।
বৰপেটা সত্ৰত গুৰু দুজনাৰ লগতে মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি (স্থানীয় ভাষাত কীত্তান) ভক্তিপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱৰ তিথি সাতদিনীয়া, শ্ৰীমন্ত মাধৱদেৱৰ তিথি দহদিনীয়া আৰু মথুৰা দাসবুঢ়া আতাৰ তিথি পাঁচদিনীয়াকৈ পালন কৰা হয়।
সেই সময়ত বৰপেটা সত্ৰ হেজাৰ হেজাৰ ভক্তৰে মুখৰিত হৈ পৰে। শ্ৰীমন্ত শংকৰদেৰ সাতদিনীয়া তিথিত প্ৰসংগৰ উপৰি ঘোষা কীৰ্তন, ব্যাহ-কীৰ্তন, গায়ন-বায়নে নিৰ্দিষ্ট বৰগীত, ৰাসৰ গীত, অংকৰ গীত গোৱাৰ উপৰি গুৰুঘাত, ঘোষাধেমালি, বৰধেমালি আদি বজাই সত্ৰত স্বৰ্গীয় পৰিবেশ ৰচনা কৰে।
মহাপুৰুষ মাধৱদেৱৰ তিথিত দহোদিনে নাম-কীৰ্তনীয়া, গায়ন-বায়নে নিৰ্দিষ্ট গীত, পদ, ঘোষা আদি গাই খোল-তালৰ ধ্বনিৰে মুখৰিত কৰি তোলে। ভাদ মাহৰ কৃষ্ণা পঞ্চমীত মাধৱদেৱৰ কীৰ্তনৰ মূলসবাহ অনুষ্ঠিত হয়।
মহাপুৰুষ মাধৱদেৱে মথুৰা দাস বুঢ়া আতাক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পাতিকৰ আগবঢ়াইছিল। সেই পৰম্পৰা আজিও বিদ্যমান। বৰপেটাৰ ২২ হাটীৰ তিনিখন থূলহাটীয়ে কৰ-ভাৰ প্ৰদান কৰি আহিছে।