অন্তিমগৰাকী ভাৰতীয় ফাষ্ট বলাৰ হ’ব পাৰে ঈশান্ত শৰ্মা! কিয়?

অনন্য এক অভিলেখৰ গৰাকী হ’বলৈ আগবাঢ়িছে টীম ইণ্ডিয়াৰ তাৰকা বলাৰ ঈশান্ত শৰ্মা।

২৪ ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাৰ তৃতীয় টেষ্টখন অনুষ্ঠিত হ’ব আৰু এই টেষ্টখন ঈশান্তৰ শততম টেষ্টমেচ।

ইয়াৰ দ্বাৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় ফাষ্ট বলাৰ হ’ব, যি ১০০ খন টেষ্টমেচত অৱতীৰ্ণ হৈছে।

ইয়াৰ পূৰ্বে কেৱল বিশ্বকাপবিজয়ী অধিনায়ক কপিল দেৱৰ নামত এই অভিলেখটো আছিল। কপিলদেৱে ১৯৭৮ৰ পৰা ১৯৯৪ চনলৈ ১৩১ খন টেষ্ট মেচ খেলিছিল।

ইয়াৰ উপৰিও ১০০খন টেষ্টমেচ খেলা ঈশান্তৰ সমসাময়িক ফাষ্ট বলাৰ হিচাপে কেৱল দুজনেই ক্ৰিকেট কেৰিয়াৰ অব্যাহত ৰাখিছে আৰু দুয়োজনেই হৈছে ইংলেণ্ডৰ। তেওঁলোক হৈছে- জেমছ এণ্ডাৰছন (১৫৮ খন) আৰু ষ্টুৱাৰ্ট ব্ৰড (১৪৫ খন)।

ক্ৰিকেট পৰ্যবেক্ষকসকলে অনুমান কৰিছে যে ঈশান্তই অন্তিমজন ভাৰতীয় ফাষ্ট বলাৰ হ’ব, যি ১০০ খন টেষ্ট মেচৰ বাবে ফিটনেছ আৰু শক্তি অটুত ৰাখিছে। তেওঁলোকৰ মতে ব্যস্ত ক্ৰিকেট কেলেণ্ডাৰ আৰু পৰিৱৰ্তিত ক্ৰিকেট পটভূমিত এজন ফাষ্ট বলাৰে ১০০ খন টেষ্ট মেচ খেলাটো অতি কঠিন।

উল্লেখযোগ্য যে এতিয়ালৈকে দিল্লীৰ ক্ৰিকেটাৰগৰাকীয়ে ৯৯খন টেষ্টত ৩২.২২ এভাৰেজ ৰাণৰ খৰচেৰে ৩০২টা উইকেটৰ গৰাকী হৈছে।