চিকিৎসকৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ শিশুক ঔষধ খুওৱাটো সমীচিন নহয়। ইয়াৰ কাৰণ একাধিক। সকলো ঔষধৰ ভাল গুণৰ উপৰিও কিছুমান ক্ষতিকৰ আৰু কিছুমান বিষাক্ত দিশ থাকে। এই দুই দিশৰ বিষয়ে জ্ঞান থকা জনেহে কোনটো ঔষধ কেতিয়া খাব লাগে আৰু কেতিয়া খাব নেলাগে, সেই বিষয়ে অবগত হয়। এই বিষয়ে চিকিৎসকৰ জ্ঞান থাকিব লাগে। আৰু এই বিষয়ে শুদ্ধ জ্ঞান থকা জনেহে শুদ্ধকৈ ঔষধৰ প্ৰয়োগ কৰিবলৈ সক্ষম।
শিশুক সদায় ওজনৰ ভিত্তিত ঔষধৰ পৰিমান ঠিক কৰি ঔষধ খুৱাব লাগে। সকলো শিশুৰ ওজন একে সমান নহয়। তাৰোপৰি শৈশব কালত শৰীৰৰ বাঢ়ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বয়স অনুপাতে শিশুৰ ওজন কম বেছি হৈ থাকিব পাৰে। গতিকে এবাৰ দিয়া ঔষধৰ পৰিমান ৬ মাহ পিছত উপযুক্ত নহ’বও পাৰে। একেটা শিশুৰ কাৰণে পৰিমান একে বয়সত বা বয়স বঢ়া লগে লগে সলনি হ’ব পাৰে। গতিকে সদায় শিশুৰ ওজনৰ ভিত্তিত ঔষধৰ পৰিমান ঠিক কৰিব লাগে। তেতিয়াহে উপযুক্তভাবে কাম কৰিব।
শিশুৰ সাধাৰণ ৰোগৰ ভিতৰত জ্বৰ আৰু পেটৰ অসুখ প্ৰধান। এই দুটা ৰোগৰ বেলেগ বেলেগ কাৰণ আছে। কাৰণ অনুসৰি বিভিন্ন চিকিৎসাৰ প্ৰয়োজন হয়। জ্বৰ উঠিছে বা পেটৰ অসুখ হৈছে বুলি আগৰ প্ৰেচক্ৰিপচন চাই ঔষধ খুৱাই থাকিলে সেই ঔষধে কাম নকৰিবও পাৰে আৰু জটিলতা সৃষ্টি কৰিব পাৰে।
নিয়ম অনুসাৰে সকলো ফাৰ্মাচীত একোজন প্ৰশিক্ষনপ্ৰাপ্ত ফাৰ্মাচীষ্ট নিয়োগ থাকিব লাগে। তেখেতক সহায় কৰিবলৈ কেইজনমান সহায়ক থাকিব লাগে। ফাৰ্মাচীষ্টৰ কাম হৈছে ডাক্তৰৰ প্ৰেচক্ৰিপচনখন ভালদৰে পঢ়ি ঔষধ কেইটা শুদ্ধকৈ চিনাক্ত কৰি সহায়কক ঔষধ খিনি উলিয়াই দিবলৈ নিৰ্দেশ দিয়া। আৰু সেই ঔষধ খোৱাৰ বিধি পিতৃ-মাতৃক বুজাই কোৱা।
বহুত পিতৃ-মাতৃয়ে নিজৰ কাৰণে আৰু শিশুৰ কাৰণে ফাৰ্মাচীৰ সহায়কক শুধি ঔষধ কিনি খুৱায়। নিয়ম অনুসাৰে ফাৰ্মাচীষ্ট বা সহায়ক কোনো এজনেও ঔষধৰ প্ৰেচক্ৰিপচন দিব নোৱাৰে। গতিকে এওঁলোকৰ উপদেশ মতে ঔষধ খুৱাই শিশুৰ কিবা অঘটন হ’লে তাৰ কাৰণে মূলত: সহায়ক জন দায়ী হ’লেও পিতৃ-মাতৃৰো যে দোষ আছে মানি ল’ব লাগিব।
মনকৰিবলগীয়া কথা হ’ল যে যিকোনো ঔষধ প্ৰয়োগৰ পাছত ই সুকলমে কাম কৰিবলৈ হ’লে কেইটামান কথা প্ৰয়োজনীয়। যেনে ঔষধৰ প্ৰতি পালিৰ পৰিমান ঠিক হ’ব লাগিব। ঔষধ দিনটোত কেইবাৰ খুৱাব সঠিক হ’ব লাগিব আৰু কিমান দিন খুৱাব সেইটো ঠিক হ’ব লাগিব। তাৰোপৰি খালি পেটত খাব নে ভৰা পেটত খাব এইটোও প্ৰয়োজনীয়। কাৰণ কিছুমান ঔষধে খালি পেটত আৰু কিছুমান ভৰা পেটত খালে উপযুক্তভাৱে কাম কৰে। ঔষধ বিশেষে নিয়ম বেলগ হয়। এই সকলোবোৰ দিশ ঠিক মতে নহ’লে ঔষধে আশানুৰূপ ফল নিদিব। ফলস্বৰূপে ঔষধ খোৱাৰ পিছতো ৰোগৰ প্ৰকোপ বাঢ়িবহে পাৰে বা জটিলতাৰ উদ্ভৱ হ’ব পাৰে। ফাৰ্মাচিষ্ট বা সহায়ক সকলৰ এই বিষয়ে জ্ঞান নাই। উল্লেখযোগ্য যে ঔষধৰ পৰিমান আৰু খোৱাৰ নিয়ম শুদ্ধ নহ’লে, বিশেষকৈ এণ্টিবায়টিক জাতীয় ঔষধে পিছত কাম নকৰা হয়। বৰ্তমান সমগ্ৰ পৃথিবীত ই এটা ডাঙৰ সমস্যা ৰূপে দেখা দিছে।
প্ৰত্যেক ঔষধৰ, বিশেষকৈ এন্টিবায়টিক ঔষধৰ পাৰ্শ্বক্ৰিয়া আছে। কিছুমানৰ ক্ষেত্ৰত এই পাৰ্শ্বক্ৰিয়াৰ প্ৰকোপ বেছি ধৰণে হ’ব পাৰে। কিন্তু কোনটো ঔষধৰ বা এণ্টিবায়টিকৰ কাৰ ক্ষেত্ৰত কিমান পাৰ্শ্ৱক্ৰিয়া হ’ব সেই বিষয়ে আগতীয়া কৈ জনা নেযায়। কিছুমানৰ এপালি খায়ে হ’ব পাৰে। আন কিছুমানৰ দুই তিনি পালি খোৱাৰ পাচত হ’ব পাৰে। তাৰোপৰি অদৰকাৰত বা শুদ্ধ নিয়ম অনুসৰি এন্টিবায়টিক নুখুৱালে শৰীৰৰ কিছুমান অঙ্গত সুদুৰ প্ৰসাৰি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। উল্লেখযোগ্য যে পৰিয়ালৰ কোনো এজনৰ যদি কিবা ঔষধ খাই পাৰ্শ্বক্ৰিয়া হোৱাৰ দৃষ্টান্ত থাকে, সেই পৰিয়ালৰ আন মানুহে সেই ঔষধ শিশুক খুৱাওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।
কেতিয়াবা ফাৰ্মাচীৰ সহায়ক সকলে ডাক্তৰে লিখা ঔষধ সলাই দিয়া বা পৰিমানৰ কম বেছি কৰি দিয়াৰ উদাহৰণ আছে। আৰু পিতৃ-মাতৃয়ে সেই মতে ঔষধ খুওৱাৰ দৃষ্টান্ত আছে। ই এটা অস্বাস্থ্যকৰ অনুশীলন । পিতৃ-মাতৃৰ ঔষধ সম্বন্ধীয় কিবা খোকোজা লাগিলে সেই বিষয়ে ডাক্তৰৰ লগত আলোচনা কৰিলেহে মঙ্গল।
শিশুক ঔষধ খুউৱাৰ সম্পৰ্কত আৰু এটা পৰিস্থিতি দেখা যায়। শিশুটিৰ একেটা ৰোগ হৈছে বুলি ধৰিব পাৰি পিতৃ-মাতৃয়ে আগৰ প্ৰেচক্ৰিপচন চাই ঔষধ খুৱাবলৈ আৰম্ভ কৰে, কিন্তু সঠিক পৰিমানত নহয়। ই শিশুৰ উপকাৰতকৈ অপকাৰ বেছি কৰে। ইয়াৰ পৰিবৰ্তে পিতৃ-মাতৃয়ে ডাক্তৰৰ লগত আগতে আলোচনা কৰি থব পাৰে যে আগলৈ একে লক্ষণ দেখিলে প্ৰেচক্ৰিপচন চাই একে ঔষধ আৰম্ভ কৰিব পাৰি নেকি? বা যাৰ সুবিধা থাকে টেলিফ’ন যোগে সময়ত সুধি ল’ব পাৰে। কিছুমান ৰোগ যেনে, ঘনাই কাহ হ’লে, ডাক্তৰৰ ফালৰ পৰাই উপদেশ দিয়া হয় যে আগৰ প্ৰেচক্ৰিপচন মতে ঔষধ আৰম্ভ কৰি তাৰ পাছত দৰকাৰ হ’লে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। এনে পৰিস্থিতিতো কেতিয়াবা পিতৃ-মাতৃয়ে ঔষধ বিধিমতে নুখুৱায়। ফলত ডাক্তৰৰ ওচৰলৈ আহে মানে ৰোগৰ প্ৰকোপ বাঢ়ি যায়। পিছত ৰোগ নিৰাময়ৰ কাৰণে বেছি সময়ৰ প্ৰয়োজন হয়। গতিকে পিতৃ-মাতৃয়ে এইটো কথা মনত ৰখা উচিত যে কেতিয়াবা যদি পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজে ঔষধ আৰম্ভ কৰিব লগা হয় তেতিয়া সদায় শুদ্ধ বিধিমতে কৰিব লাগে।
এনেবোৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ মূল কাৰণ হৈছে আমাৰ সমাজত স্বাস্থ্য জ্ঞানৰ অভাৱ। ইয়াৰ ফলত কিছুমান পিতৃ-মাতৃয়ে প্ৰতিটো সৰু সৰু কথাতে ডাক্তৰৰ ওচৰলৈ আহে। আনহাতে কিছুমানে শিশুৰ যোৱা থোৱা অৱস্থাত আহি ডাক্তৰৰ ওচৰ পায়হি। সেয়েহে সকলো পিতৃ-মাতৃৰ শিশুৰ সাধাৰণ ৰোগ সমূহ আৰু তাৰ নিৰাময়ৰ আৰু প্ৰতিৰোধৰ বিধিৰ বিষয়ে সম্যক জ্ঞান থকাটো প্ৰয়োজন। এই জ্ঞান শিশুৰ চিকিৎসা কৰিবৰ কাৰণে নহয়। এই জ্ঞান প্ৰয়োজন সময়মতে ডাক্তৰৰ পৰামৰ্শ ল’বৰ কাৰণে আৰু কিছুমান ৰোগৰ প্ৰতিৰোধ আৰু প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিবৰ কাৰণে।
শিশুৰ সাধাৰণতে হোৱা ৰোগ হৈছে জ্বৰ কাহ আৰু পেটৰ অসুখ। এই দুই ৰোগৰ প্ৰাথমিক চিকিৎসা ডাক্তৰৰ পৰামৰ্শ লোৱাৰ আগতে ঘৰতে আৰম্ভ কৰিব পাৰি। ডাক্তৰক সুধি এটা জ্বৰৰ, এটা কাহ কমোৱা, এটা বমি বন্ধ কৰা ঔষধ আৰু কেইটামান ORS ৰ পেকেট শিশু থকা সকলো ঘৰতে মজুত থকা উচিত। যাতে দৰকাৰ হ’লে পিতৃ-মাতৃয়ে নিজে ঔষধ আৰম্ভ কৰি দিব পাৰে। ঔষধৰ পৰিমানৰ বিষয়ে খোকোজা লাগিলে ঘৰৰ শিশুটি যি শিশু বিশেষজ্ঞৰ তত্বাৱধানত থাকে তেখেতক এবাৰ টেলিফ’ন যোগে সুধি ল’ব পাৰে। এন্টিবায়টিক বা আন নিৰ্দিষ্ট ঔষধ নিজে খুউৱাটো বিপজ্জনক কথা। সেয়ে ডাক্তৰে পৰীক্ষা কৰি নিৰ্দেশ দিয়াৰ পিছতহে খুৱাব লাগে।
মুঠৰ ওপৰত উপৰি উক্ত সাধাৰণ ঔষধ কেইটাৰ বাহিৰে শিশুক যিকোনো ঔষধ খুউৱাৰ আগতে সদায় এজন ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্ত প্ৰয়োজনীয় কথা।