অসমৰ ৰাজনীতিৰ শেহতীয়া ঘটনাবোৰ লক্ষ্য কৰিলে দেখা যায় যে হঠাতে কিছুমান বিষয়ে অভাৱনীয়ভাৱে গুৰুত্ব লাভ কৰিবলৈ লৈছে। লাগিলে সেয়া সাধাৰণ মুখ চুপতিৰ নামান্তৰেই নহওক কিয়।
অসমৰ সংখ্যালঘু ৰাজনীতিৰ গতি-প্ৰকৃতি লক্ষ্য কৰিলেই দেখা যাব যে ইয়াৰ গুৰি বঠা ধৰিবলৈ আগবঢ়া নেতাসকলৰ অধিক সংখ্যকেই ক্ষমতা আৰু ব্যৱসায়কেন্দ্ৰিক সম্প্ৰসাৰণৰ পথেৰে বাট বুলা চৰিত্ৰ। সেয়েহে, সংখ্যালঘুৰ উন্নতি পৰিহৰি মেৰুকৰণৰ ৰাজনীতিয়েহে অগ্ৰাধিকাৰো লাভ কৰে।
শেহতীয়াকৈ ৰাজ্যখনৰ ৰাজনীতিত এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিবলৈ লৈছে। প্ৰকৃততে,বদৰুদ্দিন আজমলক লৈ ইমান চৰ্চা হোৱাৰ আঁৰত আন শক্তিৰহে উমান পোৱা যায়।
শাসকীয় দলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে আজমলক অধিক গুৰুত্ব প্ৰদান কৰি আৰম্ভ কৰা ‘প্ৰদৰ্শনীমূলক’ আক্ৰমণৰ পাছত ‘প্ৰতিৰক্ষামূলক’ বাহিনী থিয় কৰাইছে সংখ্যালঘুৰ ত্ৰাণকৰ্তা নেতাগৰাকীয়ে।
পানী জাৰি দি বেমাৰ ভাল কৰাৰ নিদান দিয়া আজমলৰ কাষত হঠাতে সমবেত হৈছেহি একাংশ প্ৰগতিশীল নেতা-বুদ্ধিজীৱী। ইয়াৰ কাৰণো আছে। কিয়নো আজমলৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ মাজত সম্ভাৱনাৰ দুৱাৰ মুকলি হ’বও পাৰে। নহ’লে যিসময়ত আজমলৰ দৰে নেতাৰ বাবেই অসমত মেৰু বিভাজনৰ ৰাজনীতিৰ বিস্তাৰ ঘটিছে, তেনে সময়ত বিয়াগোম বুদ্ধিজীৱী-নেতাই আজমল প্ৰশংসাত গদগদ হৈ পৰাৰ আঁৰত ৰহস্য কি?
সময়ে সময়ে আমাৰ বুদ্ধিজীৱী একাংশই এনেদৰেই অসমীয়া জনসাধাৰণক ভুৱা মায়াজালেৰে মোহাচ্ছন্ন কৰি ৰখা দেখা যায়। পূর্বেও এগৰাকী মাৰোৱাৰী ব্যৱসায়িক জ্যোতিপ্ৰসাদ আগৰৱালা সজোৱাৰো অনৰ্থক প্ৰয়াস চলাইছিল।
প্ৰকৃততে, যিজন যি স্থানৰ মানুহ তেওঁক তেওঁৰ স্থানত ৰখাই উচিত। সেয়া হ’লে তেওঁৰ মৰ্যাদাও ৰক্ষা পৰে আৰু প্ৰশস্তিৰ জয়গান গোৱাসকলেও স্তাৱকৰ ৰূপটো উদঙাই দিবলগীয়াত নপৰে।
কথা হ’ল আজমল এগৰাকী বিখ্যাত ব্যৱসায়ী। তাৰ মাজতে ৰাজনীতিৰ আশ্ৰয় লৈ নেতাৰ শাৰীত অৱস্থান কৰিছে। কিন্তু তেওঁৰ ৰাজনীতি এটা নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীক প্ৰতিনিধিত্ব কৰি থিয়দঙা দিছে। তেওঁ সেই গোষ্ঠীটোক প্ৰতিনিধিত্ব কৰে যি সংগ্ৰাম, সংঘাত আৰু অস্তিত্বৰ প্ৰশ্নত সদায় কাঠগঢ়াত থিয় দিবলগীয়া হয়।
এনে এটা অৱহেলিত গোষ্ঠীৰ বাবে আজমল দেবদূত হ’ব পাৰে। কিয়নো সুদীৰ্ঘ দিন ধৰি ৰাজনীতিৰ খেলখনত তেওঁলোক ব্যৱহাৰ হৈ আহিছে কাৰোবাৰ অভিপ্ৰেত লক্ষ্যৰ। সেই গোষ্ঠীৰ মুষ্টিমেয় ‘ক্ৰিমি লেয়াৰ’ৰ বাসনাও ৰাজনীতিৰ মায়াজালত বন্দী। স্বাভাৱিকতেই এনে পৰিস্থিতিত তেওঁলোকৰ উত্তৰণৰ পথ কেতিয়াও মসৃন হ’ব নোৱাৰে।
কিন্তু শেহতীয়াকৈ আজমলৰ আমন্ত্ৰণত তেওঁক প্ৰশংসাৰে উপচাই দিয়া একাংশ নেতা-বুদ্ধিজীৱীয়ে আজমলৰ ‘সুগন্ধি আৱদাৰত’ পাহৰি পেলালে বাস্তৱ প্ৰেক্ষাপট। আজমলক মহান অসমীয়া সজোৱাৰ বাবে যেন উঠিপৰি লাগিল। যুক্তিৰ খাতিৰতে জাতীয়তাবাদৰ বৰফ গলাই আজমলক ‘জাতত উঠোৱাৰ’ চেষ্টা চলিল।
ৰাজনীতিত শত্ৰুৰ শত্ৰু মিত্ৰ হোৱাৰ দৰে অসমতো কোনে কাৰ পক্ষ লৈ কাৰ স্বাৰ্থ সিদ্ধি পূৰণ কৰিব বিচাৰিছে সেয়া যেন ধূসৰ হৈ পৰিছে।
সমাজক বাট দেখুৱাৰ দায়িত্ব পালন কৰাসকলে কথাবোৰ বিশ্লেষণ কৰি চোৱা উচিত। কিয়নো কাৰোবাৰ কিছুমান ভুল পদক্ষেপে এটা বিয়াগোম সামাজিক সংশ্লেষণৰ পথো মুকলি কৰিব পাৰে। সেয়া অত্যন্ত বিপদজনক হ’ব বুলিয়েই ধাৰণা কৰিব পাৰি।