• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল হঠাতে ইমান প্ৰাসংগিক হৈ পৰিল কিয়?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
November 20, 2020 2:52 pm
WhatsApp Image 2020-11-20 at 12.49.16 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিৰ শেহতীয়া ঘটনাবোৰ লক্ষ্য কৰিলে দেখা যায় যে হঠাতে কিছুমান বিষয়ে অভাৱনীয়ভাৱে গুৰুত্ব লাভ কৰিবলৈ লৈছে। লাগিলে সেয়া সাধাৰণ মুখ চুপতিৰ নামান্তৰেই নহওক কিয়।

অসমৰ সংখ্যালঘু ৰাজনীতিৰ গতি-প্ৰকৃতি লক্ষ্য কৰিলেই দেখা যাব যে ইয়াৰ গুৰি বঠা ধৰিবলৈ আগবঢ়া নেতাসকলৰ অধিক সংখ্যকেই ক্ষমতা আৰু ব্যৱসায়কেন্দ্ৰিক সম্প্ৰসাৰণৰ পথেৰে বাট বুলা চৰিত্ৰ। সেয়েহে, সংখ্যালঘুৰ উন্নতি পৰিহৰি মেৰুকৰণৰ ৰাজনীতিয়েহে অগ্ৰাধিকাৰো লাভ কৰে।

Apply Now

শেহতীয়াকৈ ৰাজ্যখনৰ ৰাজনীতিত এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিবলৈ লৈছে। প্ৰকৃততে,বদৰুদ্দিন আজমলক লৈ ইমান চৰ্চা হোৱাৰ আঁৰত আন শক্তিৰহে উমান পোৱা যায়।

শাসকীয় দলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে আজমলক অধিক গুৰুত্ব প্ৰদান কৰি আৰম্ভ কৰা ‘প্ৰদৰ্শনীমূলক’ আক্ৰমণৰ পাছত ‘প্ৰতিৰক্ষামূলক’ বাহিনী থিয় কৰাইছে সংখ্যালঘুৰ ত্ৰাণকৰ্তা নেতাগৰাকীয়ে।

পানী জাৰি দি বেমাৰ ভাল কৰাৰ নিদান দিয়া আজমলৰ কাষত হঠাতে সমবেত হৈছেহি একাংশ প্ৰগতিশীল নেতা-বুদ্ধিজীৱী। ইয়াৰ কাৰণো আছে। কিয়নো আজমলৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ মাজত সম্ভাৱনাৰ দুৱাৰ মুকলি হ’বও পাৰে। নহ’লে যিসময়ত আজমলৰ দৰে নেতাৰ বাবেই অসমত মেৰু বিভাজনৰ ৰাজনীতিৰ বিস্তাৰ ঘটিছে, তেনে সময়ত বিয়াগোম বুদ্ধিজীৱী-নেতাই আজমল প্ৰশংসাত গদগদ হৈ পৰাৰ আঁৰত ৰহস্য কি?

সময়ে সময়ে আমাৰ বুদ্ধিজীৱী একাংশই এনেদৰেই অসমীয়া জনসাধাৰণক ভুৱা মায়াজালেৰে মোহাচ্ছন্ন কৰি ৰখা দেখা যায়। পূর্বেও এগৰাকী মাৰোৱাৰী ব্যৱসায়িক জ্যোতিপ্ৰসাদ আগৰৱালা সজোৱাৰো অনৰ্থক প্ৰয়াস চলাইছিল।

প্ৰকৃততে, যিজন যি স্থানৰ মানুহ তেওঁক তেওঁৰ স্থানত ৰখাই উচিত। সেয়া হ’লে তেওঁৰ মৰ্যাদাও ৰক্ষা পৰে আৰু প্ৰশস্তিৰ জয়গান গোৱাসকলেও স্তাৱকৰ ৰূপটো উদঙাই দিবলগীয়াত নপৰে।

কথা হ’ল আজমল এগৰাকী বিখ্যাত ব্যৱসায়ী। তাৰ মাজতে ৰাজনীতিৰ আশ্ৰয় লৈ নেতাৰ শাৰীত অৱস্থান কৰিছে। কিন্তু তেওঁৰ ৰাজনীতি এটা নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীক প্ৰতিনিধিত্ব কৰি থিয়দঙা দিছে। তেওঁ সেই গোষ্ঠীটোক প্ৰতিনিধিত্ব কৰে যি সংগ্ৰাম, সংঘাত আৰু অস্তিত্বৰ প্ৰশ্নত সদায় কাঠগঢ়াত থিয় দিবলগীয়া হয়।

এনে এটা অৱহেলিত গোষ্ঠীৰ বাবে আজমল দেবদূত হ’ব পাৰে। কিয়নো সুদীৰ্ঘ দিন ধৰি ৰাজনীতিৰ খেলখনত তেওঁলোক ব্যৱহাৰ হৈ আহিছে কাৰোবাৰ অভিপ্ৰেত লক্ষ্যৰ। সেই গোষ্ঠীৰ মুষ্টিমেয় ‘ক্ৰিমি লেয়াৰ’ৰ বাসনাও ৰাজনীতিৰ মায়াজালত বন্দী। স্বাভাৱিকতেই এনে পৰিস্থিতিত তেওঁলোকৰ উত্তৰণৰ পথ কেতিয়াও মসৃন হ’ব নোৱাৰে।

কিন্তু শেহতীয়াকৈ আজমলৰ আমন্ত্ৰণত তেওঁক প্ৰশংসাৰে উপচাই দিয়া একাংশ নেতা-বুদ্ধিজীৱীয়ে আজমলৰ ‘সুগন্ধি আৱদাৰত’ পাহৰি পেলালে বাস্তৱ প্ৰেক্ষাপট। আজমলক মহান অসমীয়া সজোৱাৰ বাবে যেন উঠিপৰি লাগিল। যুক্তিৰ খাতিৰতে জাতীয়তাবাদৰ বৰফ গলাই আজমলক ‘জাতত উঠোৱাৰ’ চেষ্টা চলিল।

ৰাজনীতিত শত্ৰুৰ শত্ৰু মিত্ৰ হোৱাৰ দৰে অসমতো কোনে কাৰ পক্ষ লৈ কাৰ স্বাৰ্থ সিদ্ধি পূৰণ কৰিব বিচাৰিছে সেয়া যেন ধূসৰ হৈ পৰিছে।

সমাজক বাট দেখুৱাৰ দায়িত্ব পালন কৰাসকলে কথাবোৰ বিশ্লেষণ কৰি চোৱা উচিত। কিয়নো কাৰোবাৰ কিছুমান ভুল পদক্ষেপে এটা বিয়াগোম সামাজিক সংশ্লেষণৰ পথো মুকলি কৰিব পাৰে। সেয়া অত্যন্ত বিপদজনক হ’ব বুলিয়েই ধাৰণা কৰিব পাৰি।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd