বাতিল হ’ব ১৮কোটি পান কাৰ্ড? কিন্তু আয়কৰ বিভাগে কিয় লৈছে এই সিদ্ধান্ত

pan-card

প্ৰতিনিধিত্বমূলক ফটো।

দেশত বহুতেই আয়কৰ ফাঁকি দিবলৈ এখনত কৈ অধিক পান কাৰ্ড ব্যৱহাৰ কৰে। কিন্তু আয়কৰ বিভাগে এইটো ৰোধ কৰিবলৈ বদ্ধ পৰিকৰ হৈ পৰিছে।

আয়কৰ বিভাগে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ব্যৱহাৰ কৰি এনেকুৱা কৰ ফাঁকি দি বৃহৎ টকাৰ লেনদেন কৰা ব্যক্তিসকলক চিনাক্ত কৰিব বিচাৰিছে।

সেয়েহে, বান কাৰ্ড আৰু আধাৰৰ লিংক কৰাৰ সময়সীমা অহা বছৰৰ ৩১মাৰ্চত শেষ হোৱাৰ পাছতেই ১৮কোটি পান কাৰ্ড অকামিলা হৈ পৰিব পাৰে।

কেনেধৰণৰ লেনদেনৰ ক্ষেত্ৰত দৃষ্টি ৰখা হ’ব তাৰ তালিকাত নতুন সংষোজন ঘটাৰ সম্ভৱনা আছে।

বৃহৎ টকাৰ লেনদেনৰ নজৰদাৰিৰ বাবে এছএফটিৰ হিচাপ ৰাখে আয়কৰ কাৰ্যালয়ে। আয়কৰ কাৰ্যালয়ে বেংক, বিত্তীয় প্ৰতিষ্ঠান, মিউচিয়েল ফাণ্ড, ক্ৰেডিট কাৰ্ড কোম্পানী আদিৰ পৰা আয়কৰ বিভাগে তথ্য সংগ্ৰহ কৰে।

এতিয়ালৈকে মাত্ৰ ১কোটি ৫০লাখ লোকেহে আয়কৰ জমা দিছে। আয়কৰ বিভাগে এই সংখ্যা বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে।

তথ্য অনুসৰি দেশত মুঠ ৫০.৯৫কোটি পান কাৰ্ড আছে। ইয়াৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিল কৰে ৬.৪৮কোটি লোকে। সেইদৰে কৰ আদায় দিয়ে মাত্ৰ ১কোটি ৫০লাখ লোকে।

আনহাতে, এতিয়ালৈকে আধাৰৰ সৈতে লিংক হৈছে মাত্ৰ ৩২.৭১কোটি পান কাৰ্ড।

আয়কৰ বিভাগে সন্দেহ কৰিছে যে বহুতেই তেওঁলোকৰ ব্যয় গোপন ৰখাৰ বাবে নকল পান কাৰ্ড লৈছে। এই সকলো পান কাৰ্ড পোহৰলৈ অনা হ’ব।

ইপিনে, এতিয়াৰে পৰা আয়কৰ লোকৰ আওতালৈ অধিক লোকক অনাৰ বাবে কিছু বিশেষ ব্যক্তিৰ ওপৰত দৃষ্টি ৰখা হ’ব।

ইয়াৰ ভিতৰত শিক্ষাৰ শিতানত ১লাখ টকাৰ অধিক খৰচ কৰা, ১লাখ টকাৰ ওপৰত বিদ্যুতৰ বিল আদায় দিয়া, বিজনেছ ক্লাছত যাত্ৰা কৰা, বছৰত লাখ টকাৰ ওপৰত অলংকাৰ ক্ৰয় কৰা, ২০টকাৰ ওপৰত সম্পত্তি কৰ দিয়া বা ৫০হাজাৰ টকাৰ ওপৰত এলআইচি প্ৰিমিয়াম দিয়া আদিৰ ওপৰত কৰ বিভাগে দৃষ্টি ৰাখিব।

কৰ বিশেষজ্ঞসকলৰ মতে  পান কাৰ্ড আধাৰৰ সৈতে লিংক হ’লেই কোনেও আৰু অতিৰিক্ত পান কাৰ্ড ল’ব নোৱাৰিব।