• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ পৰা সাংসদ চিৰাজুদ্দিন আজমলক কিয় প্ৰাৰ্থিত্ব নিদিলে এআইয়ুডিএফে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 23, 2019 3:33 pm
maxresdefault

বৰপেটাৰ এআইয়ুডিএফৰ সাংসদ চিৰাজুদ্দিন আজমল। ফটো : য়ুটিউবৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এআইয়ুডিএফৰ উত্থানৰ সাক্ষী বৰপেটা লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলক এইবাৰ প্ৰাৰ্থিত্ব দিয়া নহ’ল।

এআইয়ুডিএফ দলে প্ৰাৰ্থী ঘোষণা কৰা তিনিটা সমষ্টিৰ অন্যতম বৰপেটা লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ চিৰাজুদ্দিন আজমলৰ পৰিৱৰ্তে এইবাৰ জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত হৈ অহা সংখ্যালঘু অধ্যুষিত বৰপেটা লোকসভা সমষ্টিত ২০১৪ ৰ লোকসভা নিৰ্বাচনত বৰ্তমানৰ এআইয়ুডিএফৰ সাংসদ চিৰাজুদ্দিন আজমলে বিজেপি প্ৰাৰ্থী চন্দ্ৰ মোহন পাটোৱাৰীক  ৪২,০০০ তকৈয়ো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছিল।

১৯৫১ চনৰ পৰা ২০০৯ চনলৈকে দহবাৰকৈ সমষ্টিটো দখল কৰা কংগ্ৰেছৰ দুৰ্গ খহাই যোৱাটো নিৰ্বাচনত চিৰাজুদ্দিন আজমল বিজয়ী হোৱাই নহয়, লগতে কংগ্ৰেছক প্ৰথমবাৰৰ বাবে তৃতীয় স্থানলৈ অৱনমিত কৰিছিল।

আনহাতে, সমষ্টিটোত অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফণীভূষণ চৌধুৰীয়ে চতুৰ্থ স্থানতে সীমাবদ্ধ থাকিবলগীয়া হয়।

তথাপি, এআইয়ুডিএফে বৰ্তমানৰ সাংসদ চিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব নিদিয়াকলৈ ৰাজনৈতিক মহলত বিষয়টোৱে চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, সাংসদগৰাকীয়ে স্বাস্থ্যজনিত কাৰণতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। কিন্তু ৰাজনৈতিক ভূ ৰখা মহলৰ মতে শেহতীয়াকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলত এআইয়ুডিএফৰ জনপ্ৰিয়তা হ্ৰাস পোৱা আৰু কংগ্ৰেছৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখিহে প্ৰাৰ্থী সলনি কৰা হৈছে।

উল্লেখযোগ্য যে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে দহটা বিধানসভা সমষ্টি ক্ৰমে বঙাইগাওঁ, অভয়াপূৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ,সৰুক্ষেত্ৰী, চেঙা আৰু ধৰ্মপুৰ। সমষ্টিবাসীৰ অভিযোগ যে বিগত পাঁচ বছৰত তেওঁলোকে সাংসদ চিৰাজুদ্দিন আজমলৰ ছাঁ-টোকে দেখা নাপালে। তদুপৰি, বিগত কাৰ্যকালত সাংসদ উন্নয়ন পুঁজিৰ ধনেৰে সমষ্টিটোৰ কোনো উন্নয়নৰ কাম কৰাও দেখা পোৱা নগ’ল।

আনহাতে, সাংসদ গৰাকীয়ে সমষ্টিটোৰ জলন্ত সমস্যাসমূহ সংসদত উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগতো কোনোদিনে যোগাযোগ ৰক্ষা কৰি চলা নাই।

বৰ্তমান সাংসদ চিৰাজুদ্দিন আজমলৰ প্ৰতি সমষ্টিৰ ৰাইজৰ লগতে সমৰ্থকসকলো আনকি সাংসদগৰাকীৰ প্ৰতি বিতুষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে ভাতৃ চিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব দি ৰাইজৰ ৰোষ বৃদ্ধি কৰিব বিচৰা নাই। তাৰ পৰিৱৰ্তে তেওঁৰে অতি বিশ্বাসী, ঘনিষ্ঠ জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে।

আন দলীয় সূত্ৰৰ মতে, এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে ভাতৃ চিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব দিলে হাৰিব বুলি নিশ্চিত হোৱাৰ পাছত নতুন এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰি ধৰ্মীয় সংখ্যালঘু ভোটাৰক পুনৰ আকৃষ্ট কৰিবলৈ প্ৰচেষ্টা চলাব বিচাৰিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd