আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

ww-copy-1-750x375

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি WICCI অৰ্থাৎ ৱমেনছ ইণ্ডিয়ান চেম্বাৰৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজে গুৱাহাটীত আয়োজন কৰিছে মহিলাৰ বাবে ৱাকাথন।

উক্ত দিনা পুৱা ৬ বজাৰ পৰা আৰম্ভ হ’ব এই ৱাকাথন।তিনিটা শাখা ক্ৰমে ৩ কিলোমিটাৰ, ৫ কিলোমিটাৰ আৰু ৮ কিলোমিটাৰত এই ৱাকাথন অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

গুৱাহাটীৰ ভিআইপি ৰোডৰ পাথৰ কোৱেৰিৰ ব্লু পেৰাডাইজ হিলৰ পৰা তিনিওটা শাখাৰ ৱাকাথন আৰম্ভ হ’ব।

সেই মৰ্মে ৩ কিলোমিটাৰ শাখাৰ ৱাকাথন ব্লু পেৰাডাইজৰ পৰা হেংগেৰাবাৰী চাৰিআলিলৈ গৈ পুনৰ আৰম্ভ হোৱা স্থানলৈ উভতি আহিব।

৫ কিলোমিটাৰ শাখাৰ ৱাকাথন ব্লু পেৰাডাইজৰ পৰা ভিআইপি ৰোডেৰ আমতল আহানা বজাৰ হৈ  গৈ পুনৰ আৰম্ভ হোৱা স্থানলৈ উভতি আহিব।

৮ কিলোমিটাৰ শাখাৰ ৱাকাথন ব্লু পেৰাডাইজৰ পৰা ছয় মাইলৰ উৰণীয়া সেঁতুৰে গৈ   পুনৰ আৰম্ভ হোৱা স্থানলৈ উভতি আহিব।

Heart Care Society of Assamৰ মহিলা শাখাই এই ৱাকাথনলৈ সমৰ্থন তথা সহযোগিতা আগবঢ়াইছে।

ৱাকাথনৰ ডিজিটাল মিডিয়া পাৰ্টনাৰ হৈছে নৰ্থ ইষ্ট নাও।ৱাকাথনৰ পূৰ্বে আৰ্ট অৱ লিভিঙৰ প্ৰশিক্ষকে  ৱাৰ্ম আপ কাৰ্যসূচীত ভাগ ল’ব।

WICCI ৰ গুৱাহাটী শাখাৰ সভাপতি বনশ্ৰী গগৈয়ে কয় যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে মহিলাসকলক স্বাস্থ্য সচেতন কৰি তোলাৰ উদ্দেশ্যেই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

ৱাকাথনত যোগদান কৰিব বিচৰাসকলে এই লিংকৰ জৰিয়তে তেওঁলোকৰ নাম পঞ্জীয়ন কৰোৱাব পাৰিব—https://docs.google.com/…/1FAIpQLSeOp8OqKXAmoe…/viewform