NORTHEAST NOW (Assamese)

চৰকাৰৰ অমানৱীয় অন্যায়; পৰিয়ালে চাবলৈ খুলি দিয়া নহ’ল চহিদ মনেশ্বৰ বসুমতাৰীৰ কফিন

February 18, 2019 8:23 am · দীপক কুমাৰ পাঠক
Updated: February 18, 2019 10:35 am

কাশ্মীৰত চহিদ হোৱা মনেশ্বৰ বসুমতাৰীৰ মৃত্যুত শোকদগ্ধ পৰিয়ালটোৰ প্ৰতি আন এক অন্যায় কৰা হ’ল। এই কথা পোহৰলৈ আহিছে ১৭ ফেব্ৰুৱাৰিত, অৰ্থাৎ মুখ্য মন্ত্ৰী, মন্ত্ৰী, নেতাই ৰাজহুৱাভাৱে চহিদজনৰ মৃতদেহ সৎকাৰ কৰাৰ পিছদিনা পুৱাই সংবাদ মাধ্যমৰ আগত দিয়া বসুমতাৰীৰ পত্নী, কন্যা, পুত্ৰৰ বক্তব্যত।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ কান্ধত বন্ধ কফিনত অহা চহিদজনৰ নশ্বৰ দেহটোৰ কাষ চাপি শেষ বাৰৰ বাবে স্বামী-পিতৃৰ মুখ চাবলৈ উদগ্ৰীৱ হৈ পৰিছিল বসুমতাৰীৰ পত্নী-পুত্ৰ-কন্যা। কান্দি কান্দি কফিনৰ ওচৰ পাইছিল চহিদগৰাকীৰ পত্নী চানমতি, কন্যা ডিদমশ্ৰী আৰু পুত্ৰ ধনঞ্জয়। কিন্তু তেওঁলোকক বাধা দিয়া হ’ল আৰু কফিন নোখোলাকৈয়ে বাকী আনুষ্ঠানিকতা কৰা হয়।

নিজৰ পত্নী, পুত্ৰ, কন্যাৰ উপৰি আন আত্মীয়-স্বজনেও আশা কৰিছিল বীৰ চহিদগৰাকীৰ নশ্বৰ দেহটো শেষ বাৰৰ বাবে চাব আৰু শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দি বীৰগৰাকীক শেষ বিদায় দিব। কিন্তু পৰিয়ালৰ লগতে আত্মীয়-স্বজন, ৰাইজ আৰু গুণমুগ্ধসকলৰ সেই আশা আশা হৈ ৰল চিৰদিনৰ বাবে।

অৱশেষত বড়ো জনগোষ্ঠীৰ ধৰ্মীয় নীতি-নিয়ম অনুসৰি চহিদগৰাকীক শেষ বিদায় দিয়া  হয় পৰিয়ালৰ বাবে কফিনটো খুলি নিদিয়াকৈয়ে। পত্নী, পুত্ৰ, কন্যাৰ কান্দোন অৰণ্যৰোদন হৈয়ে থাকিল। আজীৱন এই দুখ ৰৈ গ’ল তেওঁলোকৰ বুকুত।

‘‘আমি দেউতাক শেষ বাৰৰ বাবেও চাবলৈ নাপালো। এই দুখ আমাৰ আজীৱন থাকি গ’ল।’’, ১৭ ফেব্ৰুৱাৰিত সংবাদ মাধ্যমৰ আগত কান্দি কান্দি ক’লে বসুমতাৰীৰ পুত্ৰ-কন্যাই।

নিজৰ বীৰ চহিদ স্বামীৰ মুখখন শেষ বাৰৰ বাবে চাবলৈ নাপাই পত্নী চানমতিও উচুপি উঠে। ‘‘এয়া পাহৰিব নোৱৰা আৰু অসহ্যকৰ’’, মানৱীয় অধিকাৰৰ পৰা বঞ্চিত চানমতি বসুমতাৰীয়ে কয়। এই কথাই এতিয়া অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এখন চৰকাৰে, মুখ্য মন্ত্ৰী, মন্ত্ৰী, নেতাই এটা পৰিয়ালক তেওঁলোকৰ আত্মীয়ৰ মৃতদেহটো সৎকাৰৰৰ পূৰ্বে চাবলৈ পোৱাৰ মানৱীয় অধিকাৰৰ পৰা কিদৰে বঞ্চিত কৰিলে বুলি প্ৰশ্ন উঠিছে সচেতন মহলত।

উল্লেখযোগ্য যে জানুৱাৰি মাহত  ছুটী লৈ ঘৰলৈ আহি প্ৰায় এমাহ পৰিয়ালৰ সৈতে কটাই যোৱা চাৰি ফেব্ৰুৱাৰিত পুনৰ চাকৰিত যোগদান কৰিছিলগৈ মনেশ্বৰ বসুমতাৰীয়ে। আৰু এবছৰ বা দুবছৰ চাকৰিত থাকি চাকৰিৰ পৰা অৱসৰ লৈ আহি অসম্পূৰ্ণ পকী ঘৰটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ কথা কৈ গৈছিল নিজ পত্নী চানমতি, কন্যা ডিদমশ্ৰী আৰু পুত্ৰ ধনঞ্জয়ক। পৰিয়ালৰ লোকে জনালে সংবাদ মাধ্যমক।

Related News