উপাৰ্জনৰ পৰিমাণ জনোৱা নাছিল স্বামীয়ে! আৰটিআইৰ জৰিয়তে দৰমহাৰ সৱিশেষ ল’লে পত্নীয়ে

স্বামীৰ দৰমহা কিমান পত্নীয়ে নাজানে। স্বামীক সুধিও কোনো লাভ হোৱা নাছিল। কিন্তু মহিলাগৰাকী ৰৈ নাথাকিল। তেওঁ আইনী পথেৰে যুঁজি স্বামীৰ দৰমহাৰ বিষয়ে জানি ল’লে। কেন্দ্ৰীয় তথ্য আয়োগে (চিআইচি) তথ্যৰ জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত তেওঁৰ পক্ষত ৰায় দিছে।

উত্তৰ প্ৰদেশৰ বৰেলীৰ বাসিন্দা সঞ্জু গুপ্তা নামৰ মহিলাগৰাকী। তেওঁ প্ৰথমতে  স্বামীৰ দৰমহা জানিবলৈ এখন আৰটিআই আবেদন দাখিল কৰিছিল। কিন্তু  আয়কৰ বিভাগৰ কাৰ্যালয়ৰ পৰা সেইখন ঘুৰাই দিয়া হয়।

লগতে পঢ়ক: খেলপথাৰতে হতাহতিত লিপ্ত পাঠান-জনচন! চাওক ক্ৰিকেটক লজ্জানত কৰা সেই মুহূৰ্তৰ ভিডিঅ’

অভিযোগ অনুসৰি, স্বামীৰ অনুমতি অবিহনে তেওঁৰ উপাৰ্জনৰ বিৱৰণ কাকো প্ৰকাশ কৰা সঠিক নহয় বুলি অজুহাত দেখুৱাই মহিলাগৰাকীৰ আবেদন ঘুৰাই দিয়া হৈছিল।

তাৰ পিছত তেওঁ ফাৰ্ষ্ট এপিলেট অথৰিটি (FFA)ৰ ওচৰত আবেদন কৰে। কিন্তু তাতো তেওঁৰ আবেদন নাকচ কৰি দিয়া হয়। সঞ্জুও তাত ৰৈ নাথাকিল। তেওঁ পুনৰ চিআইচিৰ ওচৰত আবেদন জনালে। চিআইচিয়ে এই সন্দৰ্ভত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কিছুমান পুৰণি ৰায় পৰীক্ষা কৰি চালে।

অৱশেষত মহিলাগৰাকীৰ সপক্ষে নিৰ্দেশটো দিয়া হয়। চিআইচিয়ে আয়কৰ বিভাগক মহিলাগৰাকীক তেওঁৰ স্বামীৰ দৰমহাৰ বিষয়ে ১৫ দিনৰ ভিতৰত অৱগত কৰিবলৈ কোৱা হৈছে। তেওঁ কিমান দৰমহা পায়, আন কোনো উৎসৰ পৰা তেওঁৰ কোনো উপাৰ্জন আছে নে নাই, তেওঁ কিমান কৰ পৰিশোধ কৰিব লাগে সেই সকলো বিৱৰণ সঞ্জুৱে জানিব পাৰিব।

লগতে পঢ়ক: কলংকৰ দাগ! বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ, নুমাল ফ্লাডলাইট; ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হ’ল খেল

দৰাচলতে, বিবাহ বিচ্ছেদৰ পিছত পত্নীয়ে স্বামীৰ সম্পত্তিৰ অংশ বিচাৰিব পাৰে। যদি তেওঁ বিচাৰে, তেওঁৰ তাইৰ স্বামীৰ পৰা ভৰণ-পোষণো দাবী কৰিব পাৰে। গতিকে সেই সকলোবোৰ ক্ষেত্ৰত পত্নীয়ে স্বামীৰ উপাৰ্জন জনাটো প্ৰয়োজনীয় হৈ পৰে। সঞ্জু গুপ্তাৰ স্বামীয়ে কিয় তেওঁক দৰমহাৰ পৰিমাণ জনাব বিচৰা নাই সেয়া অৱশ্যে স্পষ্ট নহয়।