জোৰকৈ মদ্যপান কৰোৱাই সন্তানৰ সন্মুখতে পত্নীক বন্ধুসহ গণধৰ্ষণ কৰিলে স্বামীয়ে

index

প্ৰতিনিধিত্বমূলক চিত্ৰ, উৎস-ইন্টাৰনেট

সন্তানৰ সন্মুখতে এগৰাকী ২৫ বছৰীয়া মহিলা স্বামী আৰু তেওঁৰ বন্ধুৰ দ্বাৰা গণধৰ্ষণৰ বলি হৈছে।

এটি জঘন্য কাণ্ড সংঘটিত হৈছে যোৱা বৃহস্পিতবাৰে কেৰেলাৰ তিৰুৱন্তপুৰমৰ পুতুকুৰিচিত।

ইতিমধ্যে মহিলাগৰাকীৰ মৌখিক অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে, পুথানতপ্পুতৰ ঘৰৰ পৰা মহিলাগৰাকীয়ে সন্তানসহ স্বামীৰ সৈতে পুতুকুৰিচিত সমুদ্ৰৰ তীৰৰ জলৰাশি উপভোগৰ বাবে গৈছিল।

তাৰ পৰাই সন্ধ্যা পৰত স্বামীয়ে সন্তানসহ পত্নীক এজন বন্ধুৰ গৃহলৈ লৈ যায়। স্বামীৰ বন্ধুৰ উক্ত গৃহত অন্য কেবাজনো বন্ধু উপস্থিত আছিল।

বন্ধুৰ গৃহতে মহিলাগৰাকীৰ স্বামীৰ বন্ধুসকলে মদ্যপান কৰে। আৰু স্বামীয়ে মহলাগৰাকীৰ জোৰকৈ মদ্যপান কৰোৱায়।

আৰু তাৰপিছতে বন্ধুৰ গৃহতে স্বামীসহ বন্ধুকেইজনে তেওঁক গণধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে।

মহিলাগৰাকীয় জনোৱা অনুসৰি তেওঁৰ সংজ্ঞা ঘূৰি অহালৈ ধৰ্ষণা কাণ্ড সংঘটিত কৰি স্বামীসহ বন্ধুকেইজন সেই ঠাই এৰি পলায়ন কৰে।

ইয়াৰ পিছতে সেই দিশেৰে গাড়ীয়ে আহি থকা দুই যুৱকে সন্তানসহ মহিলাগৰাকী কউদ্ধাৰ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে।

ইতিমধ্য মহিলাগৰাকী মৌখিক অভিযোগৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

মহিলাগৰাকীৰ স্বামীসহ অভিযুক্ত বন্ধুকেইজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

‘মহিলাগৰাকীক চিৰায়িনকিঝেৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। তাতে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাও কৰা হ’ব। তাৰ পিছতে গোচৰ ৰুজু কৰা হ’ব।’ ঘটনাৰ সন্দৰ্ভত কাদিনামকুসাম আৰক্ষী থনাৰ উপ পৰিদৰ্শক ৰথীশ কুমাৰে কয়।

আৰক্ষীয়ে স্বামীসহ অন্য অভিযুক্তকেইজনক নিজৰ জিম্মাত ৰাখিছে।