কদমগুৰিত বনৰীয়া ম’হৰ আক্ৰমণত এজন নিহত, চাৰিজন আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

নগাঁও জিলাৰ শালনা ৰেঞ্জৰ অধীনৰ উদমাৰী উপ বন খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ কদমগুৰিত মঙলবাৰে ম’হৰ আক্ৰমণত এজন লোক নিহত হয়।

নিহত লোকজন কদমগুৰিৰ নুৰ মহম্মদ (৫৪) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নুৰ মহম্মদে ঘৰৰ পাছফালৰ বাৰীত কাম কৰি থকাৰ সময়তে এটা উন্মাদ ম’হে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে।

পিছত নুৰক কাৱৈমাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

আনহাতে উক্ত ম’হটোৱে ঘটনা সংঘটিত কৰাৰ পিছত পুনৰ ৰূপহীহাটৰ শপতকাঢ়া অঞ্চলত সন্ত্ৰাস চলাই সেইগাঁৱৰ জাফৰ আলী আৰু এলিজা বেগমৰ লগতে দক্ষিণ শপতকাঢ়া গাঁৱৰ জ্যোস্নাৰা বেগম আৰু তেওঁৰ জীয়ৰী শ্বাহনাজ আখতাৰা (৬)ক আক্ৰমণ কৰি আহত কৰে।

পৰৱৰ্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অঞ্চলটোত বিচৰণ কৰা বনৰীয়া ম’হটোৰ সন্ধানত অভিযান চলাই ম’হটোক গুলীয়াই নিহত কৰে।

উল্লেখ্য যে স্থানীয় লোকৰ সহযোগত বন বিভাগে ম’হটো গুলীয়াই হত্যা কৰে বুলিহে বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।