NORTHEAST NOW (Assamese)

যোৰহাটৰ মৰিয়নী পুখুৰীয়া গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ

October 25, 2020 2:46 pm · নিৰ্মলেন্দু পাঠক

দূৰ্গা পূজাৰ মাজতে মৰিয়নীৰ যোৰহাট পুখুৰীয়া গাঁৱত হোলোঙাপাৰ গিবন অভয়াৰণ্য পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৩৫-৪০ টা হাতীৰ এটা বৃহৎ জাকে পুখুৰীয়া গাঁৱৰ খেতি পথাৰৰ ধান খাই় তহিলং কৰে।

মৰিয়নী খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা যোৱা বন কৰ্মীয়ে হাতী খেদাত বিফল হয়।

 ৰাইজে বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ  হেমাহিৰ কথা জনাই সংবাদ মাধ্যমৰ আগত খেদ প্ৰকাশ কৰে ৷

ফলত গাঁৱৰ ৰাইজে আতংকিত হৈ নিজে হাতী খেদাৰ ব্যৱস্থা কৰে ৷

উল্লেখ্য অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

কাষৰীয়া হাবিত খাদ্যৰ নাটনি  হোৱা বাবেই হাতীৰ জাকে মানুহৰ বসতি প্ৰধান স্থানলৈ আহি খেতি পথাৰকে ধৰি গৰ-দুৱাৰ আদিৰো ক্ষতি সাধন কৰি আহিছে।

Related News