NORTHEAST NOW (Assamese)

দুধনৈত পুৱাই জনবসতিপূৰ্ণ স্থানলৈ ওলাই আহিল গজৰাজ,বহু ঘৰ তচনচ

August 18, 2022 9:43 am · নীলমণি শৰ্মা, দুধনৈ

দুধনৈত এইবাৰ নিশাৰ অন্ধকাৰত বন্যহস্তীৰ জাকৰ তাণ্ডৱ নহয় , দিনৰ পোহৰতে আজি পুৱা সন্ত্ৰাস চলালে এটা অকলশৰীয়া বনৰীয়া হাতীয়ে ৷

তচনচ কৰিলে বাসগৃহ। লণ্ড-ভণ্ড কৰিলে ঘৰৰ আচবাব পত্ৰ ৷ আজি পুৱা হাতীটোয়ে অতৰ্কিতে গুৱাবাৰী গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে হুৱাদুৱা লাগে ৷

হাতীটোৱে লোক এজনৰ বাসগৃহৰ চৌহদত সোমাই ঘৰ ভাঙিবলৈ আৰম্ভ কৰে ৷ হাতীটোৱে বাসগৃহ ভঙাৰ লগতে খাই তহিলং কৰিলে ভঁৰালৰ ধান ৷

লণ্ড-ভণ্ড কৰিলে আচবাব পত্ৰও৷ কিছু সময় পিচতে স্থানীয় ৰাইজে জুই, ফটকাৰে হাতীটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷

এতিয়া এনেদৰে দীৰ্ঘ দিনৰ পিচত আকৌ হাতীৰ সন্ত্ৰাস আৰম্ভ হৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত ৷

Related News