• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰাৰ উদ্দেশ্যেই চৰকাৰী বিদ্যালয়ৰ পৰা মাতৃভাষাৰ মাধ্যম উঠাই দিয়া হৈছেঃ অখিল গগৈ

অসম বিধান সভাৰ বিশেষ অধিবেশনত চৰকাৰক তুলাধুনা শিৱসাগৰৰ বিধায়কৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 18, 2022 8:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধান সভাৰ বিশেষ অধিবেশনত চৰকাৰক তুলাধুনা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ মিজৰ মাত্ৰ ২ মিনিটৰ ভাষণত অখিল গগৈয়ে চৰকাৰৰ দুৰ্বলতাসমূহ আঙুলিয়াই দিয়ে৷ বিধা.ক গগৈয়ে কয় -’ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসৰ আটাইতকৈ গৌৰৱোজ্জ্বল দিশটো হ’ল ই অবিৰতভাৱে গণতান্ত্ৰিক ব্যৱস্থা এটা সাৱতি আছে আৰু ভাৰতৰ সংবিধান তথা এই সংবিধানে নিৰ্ধাৰণ কৰা আইন অনুসৰি দেশখন অবিচলিতভাৱে চলি আহিছে। পাকিস্তানৰ দৰে ভাৰতত সামৰিক অভ্যুত্থান হোৱা নাই আৰু সামৰিক বাহিনীয়ে শাসন ক্ষমতা কোনোদিন দখল কৰা নাই।

যোৱা ৭৫ বৰ্ষৰ স্বৰ্ণিল ইতিহাসৰ ইয়ে আটাইতকৈ গৌৰৱোজ্জ্বল বিষয়। কিন্তু কেইবাবাৰো গণতন্ত্ৰক কক্ষচ্যুৎ কৰাৰ অপচেষ্টা হৈছে৷ ১৯৭৫ চনৰ ২৫ জুন তাৰিখৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চ পৰ্যন্ত আমাৰ দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰা হৈছিল। গণতান্ত্ৰিক নিৰ্বাচন বাতিল কৰা হৈছিল, ব্যক্তি স্বাধীনতা খৰ্ব কৰা হৈছিল, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সংবাদ মাধ্যমক চেন্সৰ কৰা হৈছিল। এয়া হ’ল দেশৰ স্বাধীনতাৰ পৰৱৰ্তী ইতিহাসৰ সৰ্ববৃহৎ ক’লা অধ্যায়। ২০১৪ চনত বিজেপি দলে ভাৰতবৰ্ষৰ শাসন ক্ষমতালৈ অহাৰ পাছত জৰুৰীকালীন অৱস্থাৰ পুনৰাবৃত্তি কৰা দেখা গৈছে।

Apply Now

যদিও আনুষ্ঠানিকভাৱে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা নাই; কিন্তু দেশৰ ৰাজনৈতিক পৰিস্থিতি অতিশয় ভয়াৱহ। এই সময়খিনিত দেখা গৈছে তলৰ বৈশিষ্ট্যসমূহ ? গণতান্ত্ৰিক অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ ওপৰত চূড়ান্ত কুঠাৰাঘাত, সংবাদ মাধ্যমৰ স্বাধীনতা সম্পূৰ্ণৰূপে খৰ্ব কৰি ৰাষ্ট্ৰ নিয়ন্ত্ৰণাধীন কৰা ইত্যাদি। কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ’ল সংসদ, নিৰ্বাচন আয়োগ, ন্যায়পালিকা, বিভিন্ন তদন্তকাৰী সংস্থাসমূহ সকলোকে শাসক দলৰ বহতীয়া কৰাৰ সম্পূৰ্ণ চেষ্টা কৰা হৈছে। ভাৰতৰ সংবিধানে প্রতিষ্ঠা কৰা অৰ্থনৈতিক সাৰ্বভৌমত্ব, ধৰ্ম নিৰপেক্ষতা, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সামাজিক ন্যায়-_- প্রতিটো বিষয়তে শাসক শ্ৰেণীয়ে আক্ৰমণ কৰিছে।

এক জঘন্য উন্মাদ, ধৰ্মীয়, অসহিষ্ণু, ফেচিবাদী হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনক বাস্তৱ কৰিবলৈ জনগণৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰা হৈছে। এই হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটোৰে আমাৰ দেশৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক আদৰ্শবাদক নস্যাৎ কৰা হৈছে। গতিকে ভাৰতৰ স্বাধীনতাৰ ৭৬ সংখ্যক বৰ্ষপূৰ্তিত আটাইতকৈ ভয়াৱহ দিশটোৱে হ’ল এনেকৈ জনগণক এখন ধৰ্মীয়, সামন্তীয়, বৰ্ণবাদী, পৃথিৱীলৈ লৈ গৈ নিজৰ দৈনন্দিন সমস্যাসমূহৰ পৰা আঁতৰ কৰি পেলোৱাটো ৷ চমুকৈ ক’বলৈ গ’লে, আমাৰ দেশত ফেচিবাদৰ সকলো পৃষ্ঠভূমি ৰচনা কৰা হৈ গৈছে। আমি প্ৰতিজন সচেতন নাগৰিকে এই ফেচিবাদী প্রৱণতাক প্ৰতিৰোধ কৰিব লাগিব আৰু দেশখনক সংবিধানে স্বীকৃতি দিয়া গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক, গণৰাজ্য হিচাপে অব্যাহত ৰাখিব লাগিব। এইটোৱেই বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্রত্যাহ্বান ৷দ্বিতীয় ডাঙৰ প্রত্যাহ্থান হ’ল— আমাৰ অৰ্থনৈতিক সাৰ্বভৌমত্বৰ ওপৰত হোৱা আক্ৰমণক প্রতিৰোধ কৰাটো এফালৰ পৰা সম্পদ আৰু বজাৰ কৰ্প’ৰেটৰ হাতত গতাই দিয়া হৈছে।

অৰ্থনৈতিক যুক্তৰাষ্ট্ৰীয়বাদক উলাই কৰি ৰাজ্যসমূহৰ অৰ্থনৈতিক ক্ষমতা কেন্দ্ৰীয় চৰকাৰে কুম্ষিগত কৰিছে। জিএছটি প্রৱৰ্তনৰ জৰিয়তে ৰাজ্যসমূহৰ কৰ সংগ্ৰহৰ অৰ্থনৈতিক ক্ষমতা কৰ্তন কৰি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল কৰি পেলোৱা হৈছে। আনকি খাদ্য সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰি জনগণক কোঙীা কৰি পেলোৱা হৈছে। ভাৰতৰ সংবিধানৰ ৩৭০ আৰু৩৫ (ক) অনুচ্ছেদ কৰ্তন কৰি ৰাজ্যৰ অধিকাৰ খৰ্ব কৰা হৈছে। অসমসহ ১৩ খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছে। আঞ্চলিক ভাষাসমূহ দুৰ্বল কৰি ভাষাভিত্তিক জাতীয়তাবাদৰ ঠাইত ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰিব খোজা হৈছে। তাৰ বাবেই চৰকাৰী বিদ্যালয়ৰ পৰা মাতৃভাষাৰ মাধ্যম উঠাই দিয়া হৈছে।আনহাতে “কা” (৫/%/১)ৰ জৰিয়তে অসমত বিদেশীৰ বোজা জাপি দি জাতিটোক সংখ্যালঘু কৰিব খোজা হৈছে। ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ আমাৰ অনুভৱ-_ আমি ভাৰতক এখন প্রকৃত ফেডাৰেল বা প্রকৃত যুক্তৰষ্ট হিচাপে চাব খোজো।৷

প্ৰকৃত ফেডাৰেল ৰাষ্ট্ৰৰ দৰে প্ৰতিখন ৰাজ্যৰ আঞ্চলিক বৈশিষ্ট্য বা জাতীয়তাবাদক স্বীকৃতি দিয়া হওক, নিজৰ নিজৰ আঞ্চলিক জাতীয় সংগীতকো স্বীকৃতি দিয়া হওক আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগাৰ তলে তলে উৰক অসমীয়াৰ গৌৰৱৰ গামোছাখনো ; যাতে এজন অসমীয়াই দ্বিধাহীন ভাষাৰে,গৌৰৱেৰে ক’ব পাৰো— আমি ভাৰতীয়, আমি গৌৰৱী ভাৰতীয়, সমানে অসমীয়াও।সংবাদ মাধ্যমে যদিহে স্বতন্ত্ৰতা আৰু বিশ্বাসযোগ্যতা হেৰুৱায় তেন্তে গণতন্ত্ৰ সংকটত পৰে। যোৱা সময়খিনিত দেশৰ সংবাদ মাধ্যম বিজেপি শাসিত ৰাষ্ট্ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হৈ পৰিছে। কিন্তু দেশৰ বাবে আটাইতকৈ ভয়ংকৰ সংকটটো আহিছে আমাৰ জনগণৰ আচৰণ সলনিৰ জৰিয়তে। ক্ৰমান্বয়ে আমাৰ জনগণেও যেন সকলোকে সামৰি লোৱা গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিৱৰ্তে সাম্প্ৰদায়িক ফেচিবাদী স্বৈৰতন্ত্ৰক পচন্দ কৰিবলৈ লৈছে।

ইয়ে দেশৰ গণতন্ত্ৰৰ প্ৰতি আনিছে ভয়াৱহ সংকট। ৭৬ তম স্বাধীনতা দিৱসত থিয় হৈ আমি দেখিছো আমাৰ দেশৰ চুকে-কোণে থকা সৰু দোকান এখনতো কোকাকোলা বা পেপচি উপলব্ধ হৈছে। কিন্তু নাগৰিকৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ জলজল-পটপট ৷ গাঁৱৰ কথা বা ভিতৰুৱা অঞ্চলৰ কথা বাদেই দিয়ক, আমাৰ শিৱসাগৰ নগৰত ৭০ শতাংশ পৰিয়ালক পাইপৰ দ্বাৰা পানী যোগান ধৰা নহয়। আজি প্ৰকৃতাৰ্থত অসমৰ ৯৫ শতাংশ কৃষিভূমিতেই জলসিঞ্চন নাই। দেশৰ ২৫.০১ শতাংশলোক দৰিদ্ৰ সীমাৰেখাৰ তলত।৷ স্বাধীনতাৰ তাৎপৰ্য খাদ্য, কাপোৰ, আশ্ৰয়, স্বাস্থ্য আৰু শিক্ষাৰ অভাৱে স্নান কৰি পেলায়।

আজি দেশৰ কিমান ঘৰ মানুহৰ থাকিবলৈ এটি পকীঘৰ আছে? আজি দেশৰ কিমান
সংখ্যক যুৱক-যুৱতীয়ে নিয়মীয়া কৰ্মসংস্থাপন লাভ কৰিছে? ৩১ মাৰ্চ, ২০২২ ৰ ভিতৰত অসম চৰকাৰে ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্রতিশ্রুতি ফুটুকাৰ ফেনত পৰিণত হ’ল’।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd