ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

zp

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু ৷

দেওবাৰে পুৱা জিলাখনৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছিৰ বাদলাপাৰা চাহ বাগিচাৰ সমীপত মৃত্যু হয় প্ৰাপ্তবয়স্ক বনৰীয়া মখনা হাতীটোৰ ৷

অঞ্চলটোত দিনে দিনে হাতীৰ মৃত্যুৰ সংখ্যা বৃদ্ধিয়ে প্ৰকৃতিপ্ৰেমী সকলক উদ্বিগ্ন কৰি তুলিছে ৷
হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও খাদ্যৰ বিষক্ৰিয়াৰ ফলতে প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

ইফালে কৰোণা সংহাৰৰ মাজত শ শ লোকে কোনো নীতি-নিয়ম নমনাকৈ মৃত হাতী চাবলৈ গৈ কভিড প্ৰট’ক’ল ভংগ কৰা পৰিলক্ষিত হয়৷