গোলাঘাটৰ বকিয়াল মহল তিনিআলিত কৰুণ ঘটনা ;হাতীৰ গছকত প্ৰাণ গ’ল পিতৃ আৰু দুবছৰীয়া পুত্ৰৰ

গোলাঘাট জিলাৰ বকিয়াল মহল তিনিআলিত পুৱতী নিশা বন্যহাতীৰ আক্ৰমণত প্ৰাণ গ’ল পিতৃ – পুত্ৰৰ ৷

পিতৃ বিকাশ বৈষ্ণৱ আৰু কনমানি দুবছৰীয়া শিশু জ্ঞানদ্বীপ বৈষ্ণৱ ৷

বন্যহস্তীয়ে ঘৰ ভাঙি ভিতৰত প্ৰৱেশ কৰোতেই কনমানিক কোলাত লৈ পিতৃয়ে পলায়ন কৰোতেই লুটিখাই পৰাত তাতেই  হাতীয়ে আক্ৰমণ কৰি গচকে ৷

যাৰ ফলত থিতাতে মৃত্যু হয় দুবছৰীয়া জ্ঞানদ্বীপৰ ৷

ইয়াৰ পিছতে পিতৃ বিকাশকো উন্মাদ হাতীটোৱে উপৰ্যুপৰি আক্ৰমণ কৰে ৷

প্ৰায় এঘণ্টা সময় ঘৰৰ ভিতৰত খাদ্য সামগ্ৰী খাই লণ্ড ভণ্ড কৰাৰ পিছত হাতী আঁতৰি যায় ৷ ইয়াৰ পিছতে কাষৰীয়া লোকে বিকাশক মুমূৰ্ষুু অবস্থাত উদ্ধাৰ কৰি চিকিৎলয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷য

হাতী মানুহৰ এনে ভয়ংকৰ সংঘাতৰ পিছতো আজিকোপতি চৰকাৰ প্ৰশাসন, বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ।