NORTHEAST NOW (Assamese)

তামুলপুৰত পুনৰ বনৰীয়া উপদ্ৰৱ; হাতীৰ আক্ৰমণত নিহত এজন, আহত দুজন

January 11, 2022 2:15 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ

তামুলপুৰ মহকুমাৰ পাটকীজুলীত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

ভাৰত-ভূটান সীমান্তৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰায়ে উপদ্ৰৱ চলোৱা দেখা যায়।

কালি নিশাও বৃহৎ বনৰীয়া হাতীৰ জাক এটা প্ৰৱেশ কৰে পাটকীজুলি গাঁওত।

জাকটোৰ পৰা এটা ফালৰি কাটি অহা এটি হাতীয়ে পুৱতি নিশা প্ৰায় ৪-০০  বজাত পাটকীজুলী গাঁওৰ সঞ্জীত বসুমতাৰী (৩৭)ৰ বাসগৃহত আক্ৰমণ কৰি বাসগৃহটো চূৰ্ণ বিচুৰ্ণ কৰে আৰু আক্ৰমণ কৰি সঞ্জীত বসুমতাৰীক হত্যা কৰে।

হাতীৰ আক্ৰমণত সঞ্জীত বসুমতাৰী নিহত হোৱাৰ লগতে পত্নী ৰোমোলা বসুমতাৰী আৰু তেওঁৰ কন্যা সন্তান গুৰুতৰভাৱে আহত হয়।

আহত দুয়ো গৰাকীকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়। 

Related News