NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ চিমা পথাৰত বন্যহস্তীৰ সন্ত্ৰাস; লণ্ডভণ্ড কৰিলে দুটাকৈ বাসগৃহ

October 25, 2022 8:06 am · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতেই মাৰ্ঘেৰিটা চিমা পথাৰত সন্ত্ৰাস চলালে বন্যহস্তীয়ে। দীৰ্ঘদিন ধৰি চিমা পথাৰ অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই অহাৰ মাজতেই নিশা খাদ্যৰ সন্ধানত ২নং মাকুম পথাৰ অঞ্চলৰ চিমা পথাৰ এলেকাত তাণ্ডৱ চলায়।

বন্যহস্তীয়ে বিৰু গোৱাল নামৰ ব্যক্তিজনৰ এটা আই ৱাই গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে একেটা অঞ্চলৰে পিত্ৰুছ গোৱালা নামৰ ব্যক্তিজনৰ আন এটা গৃহও ভাঙে। 

ইপিনে, হাতী খেদিবৰ বাবে বনবিভাগৰ লোক আহিছিল যদিও কিছু সময় থাকি বনবিভাগৰ দল উভতি যোৱাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত কাষৰীয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰে হাতী-মানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

আনহাতে, আৰ্থিকভাৱে দৰিদ্ৰ বিৰু গোৱালা আৰু পিত্ৰুছ গোৱালাৰ পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে বনবিভাগক দাবী জনাইছে।

Related News