NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

June 26, 2022 6:42 am · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
ফটো: নৰ্থইষ্ট নাও।

পুনৰ  মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে চলালে তাণ্ডৱ। খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে মহেশ প্ৰজা নামৰ লোকজনৰ ঘৰ ও ভঁ‌ৰাল লণ্ডভণ্ড কৰে।

উল্লেখ্য যে, দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে যদিও স্থানীয় বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। 

আনহাতে হাতীৰ এই আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুটিকৈ শিশু।

লগতে পঢ়ক: Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

ইপিনে হাতীলৈ বুলি জুই দলিয়াওতে বাঁ‌হৰ চুঙাত থকা ডিজেল এজন লোকৰ পিঠিত পৰি অগ্নিদগ্ধ হয়। লোক জনৰ অৱস্থা সংকট জনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। 

Related News