ৰাজ্যত বন্যহস্তীৰ তাণ্ডৱ : বাক্সা, তিতাবৰত হাতীৰ আক্ৰমণত নিহত এজনকৈ লোক

IMG-20180706-WA0087-768x481

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত বন্যহস্তীৰ তাণ্ডৱ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ সমান্তৰালভাৱে ইয়াক নিয়ন্ত্ৰনৰ ক্ষেত্ৰত প্ৰায়েই বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ মাজতে বন্যহস্তীৰ আক্ৰমণৰ ফলত মৃত্যুৰ ঘটনাও সংঘটিত হৈ আছে।

বাক্সাৰ ভাৰত-ভূটান সীমান্ত কালি এজন কৃষকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। চুকুৰ সিং নামৰ কৃষকজনে খেতিপথাৰত ধান খাই থকা হাতী খেদিবলৈ যাওতে হাতীৰ আক্ৰমণত নিহত হয়। আনহাতে, হাতীৰ আক্ৰমণত কামাখ্যা বসুমতাৰী নামৰ আন এজন লোক আহত হয় আৰু তেওঁক হাস্পাতলত ভৰ্তি কৰা হৈছে।

ইপিনে, কিছুদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকা তিতাবৰতো আজি পুৱতি নিশা হাতীৰ গচকত এজন লোকৰ মৃত্যু হয়। হাতীৰ গচকত গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু হয়। মৃত লোকজন এতিয়ালৈকে চিনাক্ত হোৱা নাই।

আনহাতে, লেটেকুজান চাহ বাগিচাত ৰমেশ পাত্ৰ নামৰ এজন লোক হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে অঞ্চলটোত আজি কিছুদিনৰ পৰা তাণ্ডৱ চলাই আহিছে। হাতীৰ জাকটোৰ উপদ্ৰৱত অঞ্চলটোৰ ৰাইজ শংকিত হৈ দিন নিয়াব লগা হৈছে।

আনহাতে, নগাওঁ জিলাৰ চামগুৰিৰ বৰালিগাঁৱতো বনৰীয়া হাতীৰ সন্ত্ৰাস চলি থকাত ৰাইজ অতিষ্ঠ হৈ পৰিছে। বন্যহস্তীৰ তাণ্ডৱত অতিষ্ঠ হৈ নাঙল, যুঁৱলি লৈ ৰাজপথত একাংশ লোকে প্ৰতিবাদত নমাৰো হংকাৰ দিছে। আজি দীৰ্ঘদিন ধৰি  চামগুৰিৰ হাহচৰা বৰালিগাঁৱত বন্যহস্তীয়ে তাণ্ডৱ চলাই বহু কৃষি ভূমি বিনষ্ট কৰিছে।