NORTHEAST NOW (Assamese)

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

May 20, 2022 9:21 am · নীলমনি শর্মা, কৃষ্ণাই
ফটো: নৰ্থইষ্ট নাও।

ৰংজুলিত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে ৷ এফালে প্ৰৱল বৃষ্টিপাত, আনফালে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে আতংকত দিন কটাবলগীয়া হৈছে বাসিন্দাসকলে৷

ধনুভাঙাৰ জলাপাৰা গাঁৱত নিশা ধাৰাসাৰ বৰষুণৰ মাজতে দুটাকৈ বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ জলাপাৰা গাঁৱত সুৰেন্দ্ৰ দাস নামৰ এগৰাকী লোকৰ বাসগৃহ ভঙাৰ লগতে বন্যহস্তী দুটাই কেইবা মোন ধান খাই তহিলং কৰে ৷

ফটো: নৰ্থইষ্ট নাও।

আনহাতে, বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি দৌৰি নিজৰ প্ৰাণ ৰক্ষা কৰে পৰিয়ালৰ লোকসকলে ৷

ৰংজুলি বনাঞ্চলিক এলেকাৰ বিভিন্ন অঞ্চলত কেইবা দশক ধৰি চলি অহা বন্যহস্তীৰ সন্ত্ৰাস যেন দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ বনাঞ্চল এৰি জনাঞ্চলত এতিয়া নিশা হ’লেই খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে বন্যহস্তীয়ে৷

লগতে পঢ়ক: জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

বনাঞ্চল সংকুচিত হোৱাৰ ফলতেই গ্ৰামাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে যদিও সমস্যাৰ স্থায়ী সমাধান কৰাত গুৰুত্ব নাই বন বিভাগ তথা চৰকাৰৰ ৷

Related News