NORTHEAST NOW (Assamese)

টীয়কত বন্যহস্তীৰ তাণ্ডৱ : বাসগৃহ ভাঙি লণ্ড-ভণ্ড,নিৰ্বিকাৰ বন বিভাগ

December 12, 2021 5:28 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

ৰাজ্যৰ চৌদিশে এতিয়া হাতী- মানুহৰ সংঘাত।

দৈনিক সংঘটিত হৈছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা।

টীয়কৰো বিভিন্ন স্থানত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ।খাদ্যৰ সন্ধানত নিশা গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা ৫০/৬০ জনীয়া বন্যহস্তীৰ ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে মেলেঙৰ জনতাই।

যোৱানিশা উক্ত অঞ্চলটোৰ ছটাকৈ বাসগৃহ ভাঙি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে।

বীৰছা মুণ্ডা, সঞ্জয় নায়ক, আইজনী কৰ্মকাৰ, বিশাল, ৰিমা কৰ্মকাৰ আৰু দামু কৰ্মকাৰ নামৰ ব্যক্তি কেইগৰাকীৰ ঘৰ দুৱাৰ ভাঙি থৈ যোৱাৰ লগতে ভৰাল ঘৰ ভাঙি সমুদায় ধান নষ্ট কৰি থৈ যায়।

উল্লেখ্য যে উক্ত অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ আজিৰ ঘটনা নহয়।

এই সময়ছোৱাত পুৰ্বতেও বনৰীয়া হাতীৰ আক্ৰমণত যোৱা বৰ্ষত নিহত হৈছে এজন লোক।কিন্তু নিৰ্বিকাৰ বন বিভাগ।উক্ত সমস্যাৰ স্থায়ী সমাধান সূত্ৰ উলিয়াব পৰা নাই প্ৰশাসনে ।

Related News