শদীয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস; এজন নিহত, দুজন আহত

Sadiya elephant attack

তিনিচুকীয়া জিলাৰ শদীয়াৰ দেউপানী চাপৰিত আজি বিয়লি খাদ্যৰ সন্ধানত অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোৰ পুৰণা তৰাণী গাঁৱৰ বদক চিৰিং(৭০) নামৰ এজন লোকৰ মৃত্যু হয়।

প্ৰাপ্ত খবৰ মতে বদক চিৰিং নামৰ লোকজন দেউপানী চাপৰিত দুজন সহযোগীৰ সৈতে খেৰ কাটিবলৈ যাওঁতেই এই ঘটনাটো সংঘটিত হয়। অৱশ্যে হাতীটোৰ আক্ৰমণত তেওঁৰ সৈতে যোৱা বুদ্ধেশ্বৰ চিৰিং(৬২) আৰু ধুপা চিৰিং (৬৫) নামৰ লোকদুজন আহত হয় যদিও তেওঁলোক কথমপি ৰক্ষা পৰে।

আহত লোকদুজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তেওঁলোকক আক্ৰমণ কৰা উক্ত বনৰীয়া হাতীটোৱে বিগত বছৰত ৫ জনতকৈ অধিক লোকক আক্ৰমণ কৰি নিহত কৰাৰ লগতে বহুতো লোকৰ ঘৰ-বাৰী আৰু খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে।

জানিব পৰা মতে শদিয়াৰ স্থানীয় ৰাইজে হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগক কেইবাবাৰো আবেদন-নিবেদন কৰিছে যদিও হাতীটোক নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বন বিভাগে ৰাইজক মাত্ৰ কেইটামান ফটকা প্ৰদান কৰিয়ে নিজৰ দায়িত্ব সামৰিছে।

ইতিমধ্যে আজি হাতীটোৰ আক্ৰমণত নিহত লোকজনক মৰোণত্তৰ পৰীক্ষাৰ বাবে চাপাখোৱাৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আহত লোককেইজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।