নাগ্ৰীজুলিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ; বহু চাহ শ্ৰমিকৰ বাসগৃহ লণ্ড-ভণ্ড

Nagrijuli story

বনৰীয়া হাতীয়ে ভঙি পেলোৱা চাহ শ্ৰমিকৰ ঘৰ

বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলিত বন্য হস্তীৰ তাণ্ডৱ অব্যাহত আছে।

বন্য হস্তীৰ তাণ্ডবৰ ফলত উজাগৰী নিশা কটাবলগীয়া হৈছে অঞ্চলটোৰ গ্ৰামঞ্চলৰ ৰাইজে।

নাগ্ৰীজুলি অঞ্চলত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ জাকে পাহাৰৰ পৰা নামি আহি বছৰৰ পিছত বছৰ ধৰি মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে।

শুকুৰবাৰে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি আহি নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপৰ বৰনদীৰ পাৰত বিচৰণ কৰি আছিল এটা বনৰীয়া হাতীৰ জাকে।

জাকটোৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া এটা  হাতীয়ে বিগত কেইদিনমান ধৰি নিশা নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং, ৮নং শ্ৰমিক লাইন আৰু  ডুমৰ লাইনত প্ৰৱেশ কৰি  আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু শ্ৰমিক লাইন কেইটাত তাণ্ডৱ চলায় হাতীটোৱে।

হাতীটো প্ৰবেশৰ লগে লগে আতংকগ্ৰস্ত হৈ পৰা লোক সকলে যিয়ে যেনি পায় তেনেকৈ পলাই গৈ নিৰাপদ স্থানত আশ্ৰয় লৈ আত্মৰক্ষা কৰে যদিও অকলশৰীয়া হাতীটোৱে ৬ নং আৰু  ৮ নং শ্ৰমিক লাইনৰ মামণি কুজুৰ, বিদ্যুৎ বৰদলৈ, অকবৰ ভগৎ আৰু   ডুমৰ শ্ৰমিক লাইনৰ ইমাজনী, অতুল সিং, অমিতা, ঘিমতী আৰু নৰসিং নামৰ শ্ৰমিক কেইজনৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ড ভণ্ড কৰে আৰু ঘৰৰ ভিতৰত মজুত ৰখা ধান-চাউল-আটা-দাইল আদি খাই তাহিলং কৰে।

ইয়াতেই  ক্ষান্ত নাথাকি হাতীটোৱে ঘৰৰ ভিতৰৰ আচবাব, বিচনা-পত্ৰ আৰু ঘৰৰ ভিতৰৰ অন্যান্য বয়-বস্তু, গচকি ভাঙি-ছিঙি তাণ্ডৱ চলায়।

নিশা স্থানীয় শ্ৰমিক সকলে জুইৰ মলা জ্বলাই, কাঁহী-বাতি, টিন আদি বজাই হাতীটো খেদিবলৈ চেষ্টা কৰিও বিফল হয় আৰু পুৱতি নিশা হাতীটোৱে শ্ৰমিক লাইন এৰি বৰনদীৰ দিশে গতি কৰে।

আজিও হাতীৰ জাকটো বৰনদীৰ পাৰত বিচৰণ কৰি থকাত সন্ত্ৰস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজসকল।