NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত বাসগৃহ লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে

April 13, 2019 6:11 pm · মানস প্ৰতিম গগৈ
হাতীয়ে ধ্বংস কৰা বাসগৃহৰ সন্মুখত ভুক্তভোগী। ছবি- নৰ্থ ইষ্ট নাও।

ৰাজ্যবাসীয়ে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে শুকুৰবাৰে ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটাৰ লেখাজান খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত নামটক চাহ বাগিচাৰ নতুন লাইনত দুটাকৈ বাসগৃহ সম্পূৰ্ণ লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে৷

ইটু চামু আৰু সৈনিকা নাগ নামৰ ব্যক্তি দুজনৰ বাসগৃহ পুৱতি নিশা প্ৰায় ৩ বজাত খাদ্যৰ সন্ধানত অহা হাতীয়ে লণ্ডভণ্ড কৰে বুলি জানিব পৰা গৈছে৷

হাতীৰ সন্ত্ৰাসত নামটক নতুন লাইন এলেকাৰ বাসিন্দা সকলে বিনিদ্ৰ ৰজনী কটাব লগা হয়৷

বনদস্যুৱে দিহিং পাটকাই অভয়াৰণ্যত হাতীৰ আৱাসস্থল ধ্বংস কৰাৰ ফলতে খাদ্য সংকট ভোগা হাতীয়ে খাদ্যৰ সন্ধানত দিহিং পাটকাই অভয়াৰণ্যৰ দাঁতিকাষৰীয়া এলেকাৰ জনাঞ্চললৈ আহি প্ৰায়েই সন্ত্ৰাস চলাই আহিছে।

হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাত প্ৰকৃতিপ্ৰেমীসকলে উদ্বেগ প্ৰকাশ কৰিছে৷

এইক্ষেত্ৰত অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী লোকসকলে।

Related News