অগপই অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি সোমবাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছতেই এতিয়া প্ৰশ্ন হয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা ৭০ টা জাতীয় সংগঠনে সমৰ্থন জনাব নেকি অসম গণ পৰিষদক?
ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে অগপৰ সৈতে একেলগে সকলো কাম কাজ কৰি যোৱাৰ কথা কথা ঘোষণা কৰাৰ পাছতেই অগপক আগন্তুক লোকসভা নিৰ্বাচনত অগপক সমৰ্থন জনাব বুলি নৰ্থইষ্ট নাওৰ সাংবাদিকক ৭০ টা জাতীয় সংগঠনৰ অন্যতম নেতা ৰুবুল দাসে জানিবলৈ দিয়ে।
নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত দাসে অসম গণ পৰিষদক ধন্যবাদ জ্ঞাপন কৰি লগতে কয়, “আমি লক্ষ্য ৰাখিম যে অগপই অসমীয়া লোকসকলৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত ৰাজপথত প্ৰতিবাদ কৰিব লাগিব।”
জাতিৰ সংকটৰ সময়ছোৱাত ৭০ টা জাতীয় সংগঠনৰ লগতে জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈতে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম কৰিলে আগন্তুক লোকসভা নিৰ্বাচনত অগপক পূৰ্ণ সমৰ্থন জনাব বুলি দাসে আমাৰ আগত উল্লেখ কৰে।
“কেন্দ্ৰীয় চৰকাৰে যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰে তেতিয়া অগপই জাতীয় দল-সংগঠনৰ সৈতে হাতে হাত ধৰি ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ৭০ সংগঠনৰ ফালৰ পৰা বিচাৰিছো,”-আমাৰ সাংবাদিকৰ আগত এইদৰে কয় ৰুবুল দাসে ।
আনহাতে, ৭০ সংগঠনৰ নেত্ৰী জোনমণি দেবী খাউণ্ডে অগপই মিত্ৰতা ভংগ কৰা পদক্ষেপক আদৰণি জনায়। তেওঁ লগতে কয়.” ভৱিষ্যতেও অগপই বিজেপিৰ দৰে দেশদ্ৰোহী দলৰ সৈতে মিত্ৰতা নকৰে বুলি আমি আশা কৰিছো। লগতে ৭০ সংগঠনৰ সৈতে একত্ৰিতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম কৰিব বুলি আশা কৰিছো।”