• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চগাৰ দৰে বিজেপিৰ আগ্ৰাসীৰ জুইত জ্বলি ছাই হ’ব নেকি বিটিচিৰ নতুন চীফ য়ুপিপিএলৰ প্ৰমোদ বড়ো?

আঞ্চলিকতাবাদক গিলিছে গোগ্ৰাসে ৰাষ্ট্ৰীয়তাবাদে; অগপৰ পিছত এইবাৰ য়ুপিপিএলৰ পাল! কেনেকৈ বাচিল বিপিএফ?

by
December 13, 2020 10:04 pm
23regBoro
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকিৰ পোহৰত গৈ অগ্নিৰ শিখাত পৰি নিজক শেষ কৰি দিয়া চগাৰ দৰে অতি ৰাষ্ট্ৰীয়তাবাদী বিজেপিত জাহ যাব নেকি বিটিচিৰ নৱ উত্থিত আঞ্চলিক দল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(UPPL)।

২০১৫ চনত গঠন হোৱা দলটোৱে বিগত বিটিচি নিৰ্বাচনত মুখ ঠেকেচা খালেও এইবাৰৰ নিৰ্বাচনত ১২ খনকৈ আসন লাভ কৰি চকমপ্ৰদ উত্থানেৰে বিটিচিত বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ সৈতে লগ লাগি ক্ষমতা দখল কৰিছে।

পৰিৱৰ্তনৰ শ্ল’গান আওৰোৱা য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ইতিমধ্যে বিটিচিৰ মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত হৈছে।

ইয়াৰ পিছতে আৰম্ভ হৈছে বহু জল্পনা কল্পনাৰ। হাংগৰে অন্যান্য সাগৰীয় মাছক গেলি পেলোৱাৰ দৰে বিজেপিয়ে গেলি পেলাব নেকি বিটিচিৰ নৱ উত্থিত আঞ্চলিক শক্তি য়ুপিপিএলক!

এই ধাৰণা অমূলকো নহয়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে এনডিএত চামিল হোৱা বহু ৰাজৈনতিক দল ইতিমধ্যে বিজেপিৰ গ্ৰাসত পৰি অস্তিত্বহীন হৈছে। বিজেপিৰ হাতোৰাৰ পৰা ৰক্ষা পাবলৈ কিছুমান ৰাজনৈতিক দলে এনডিএ ত্যাগো কৰিছে।

মৰ্চাৰ আহ্বায়ক তথা প্ৰধান দল হিচাপে বিজেপিয়ে ইতিমধ্যে আঞ্চলকি দলসমূহৰ মূল ভেটিত সিন্ধি খন্দি ৰাজনৈতিকভাৱে নিশকতীয়া কৰি অহা বহু উদাহৰণ আছে ৰাষ্ট্ৰীয় ৰাজনীতিত।

২০১৯ৰ লোকসভাৰ নিৰ্বাচনত এই ছবিখন অতি স্পষ্ট হৈ পৰিছিল। ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত এনডিএ লাভ কৰিছিল মুঠ ৩৩৬ আসন আৰু ইয়াৰে বিজেপিয়ে লাভ কৰিছিল ২৮২ খন আসন। এনডিএৰ বাকী অংশীদাৰী দলসমূহৰ আসনৰ সংখ্যা আছিল ৫৪ খন।

আনহাতে ২০১৯ লোকসভা নিৰ্বাচনত এনডিএৰ ৩৭৭ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰে ৩০২ খন আসন ইয়াৰ বিপৰীতে ইয়াৰ অংশীদাৰী দলসমূহৰ আসনৰ সংখ্যালৈ ৩৫ হ্ৰাস হয়। এনডিএৰ নিজৰ আঞ্চলিক মিত্ৰদলসমূহৰ ওপৰত চলোৱা আগ্ৰাসনৰ বাবেই আঞ্চলিক দলসমূহে সংকটত ভূগিবলগীয়াৰ অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্যে যে এনডিএত বিজেপিৰ উত্থানৰ বাবেই শংকিত হৈ এক প্ৰধান আহ্বায়ক দল জনতা দল(ইউ)এ ২০১৩ চনত এনডিএ ত্যাগ কৰিছিল। অৱশ্যে বিহাৰৰ পৰিৱৰ্তিত পৰিস্থিতিত পুনৰ জনতা দল(ইউ)এ এনডিএত চামিল হ’লেও বিগত বিহাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ তুলনাত জেডি(ইউ)ৰ আসনৰ তেনেই সংখ্যা নগণ্য।

ইফালে মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু পঞ্জাৱৰ আকালী দলৰ দৰে আঞ্চলিকতাবাদী শক্তিয়ে এনডিএ ত্যাগ কৰিছে।

অসমৰ অৱস্থা আৰু তথৈৱচ। অসমৰ দুটা আঞ্চলিক দল অসম গণ পৰিষদ আৰু বিপিএফো এনডিএৰ অংশীদাৰ। অসমৰ প্ৰধান আঞ্চলকি দল অগপক প্ৰায়ে গ্ৰাস কৰি পেলাইছে বিজেপিয়ে। বিগত লোকসভা আৰু অসমৰ বিধানসভাৰ নিৰ্বাচনৰ দুয়ো দলৰ মাজত আসন ভাগ-বতৰা আৰু ফলাফললৈ লক্ষ্য কৰিলেই সেয়া স্পষ্ট হৈ পৰিব।

আনহাতে অগপৰ প্ৰায়বোৰ কেন্দ্ৰীয় নেতাকে বিজেপিয়ে হাইজেক কৰি নি অসমত বিজেপিৰ স্থিতি শক্তিশালী কৰি তুলিছে। বিজেপিৰ ছাঁত কেলধূপ কেলধূপ কৈ জীয়াই আছে অগপ।

কিন্তু অসমৰ এনডিএৰ আনটো অংশদাৰী দল বিপিএফ বিজেপিৰ গ্ৰাসৰ পৰা এতিয়াও নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈ আছে। সেইবাবেই বিপিএফে এইবাৰ হাংগৰ সদৃশ বিজেপিৰ বিশ্বাসঘাতকতাৰ বলি হোৱা বুলি চৰ্চা চলিছে।

বিজেপিয়ে বহু চেষ্টা কৰিও বিপিএফক গেলি পেলাব নোৱাৰিল। বিজেপিয়ে বিপিএফক মিত্ৰতাৰ পাশেৰে বন্দী কৰিও গ্ৰাস কৰিব নোৱাৰি এইবাৰ প্ৰতিপক্ষ হিচাপে গ্ৰহণ কৰি ধ্বংস কৰাৰ বাবে তৎপৰ হৈছে।

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী শক্তিশালী খোপনিৰ বাবে বিপিএফক গ্ৰাস কৰিব নোৱাৰি বিজেপিয়ে বিটিচিৰ নৱ উত্থিত শক্তিৰ প্ৰতি শেনচকু প্ৰক্ষেপ কৰিছে।

য়ুপিপিএলক গ্ৰাস কৰি অথবা য়ুপিপিএলৰ পিঠিত উঠি বিটিচিত আঞ্চলিক শক্তিক গ্ৰাস কৰিবলৈ বিজেপিয়ে সাজু হোৱা বুলি চৰ্চা লাভ কৰিছে।

য়ুপিপিএলৰ নেতৃত্ব স্থিতিশীল অথবা শক্তিশালী নহয় যিয়ে হাগ্ৰমা মহিলাৰীৰ দৰে হাংগৰসদৃশ বিজেপিৰ ৰোধ কৰিব পাৰিব।

অৱশ্যে য়ুপিপিএল অগপৰ দৰে কেনেকৈ বিজেপিৰ গ্ৰাসত পৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd