ব্ৰীজভূষণৰ বিচাৰ হ’বনে

ভাৰতৰ মল্লযোদ্ধা সংস্থাৰ সভাপতি ব্ৰীজভূষণ শাৰণ সিং আৰু আৰু কেইবাজনো প্ৰশিক্ষকে মহিলা মল্লযোদ্ধাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ প্ৰতিবাদত মল্লযোদ্ধা সকলে জানুৱাৰী মাহত দিল্লীৰ যন্তৰ মন্তৰত প্ৰথমে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে বছৰ বছৰ ধৰি ব্ৰীজভূষণে কেইবা গৰাকী মহিলা মল্লযোদ্ধাৰ ওপৰত যৌন শোষণ চলাই আহিছে। ব্ৰীজভূষণ ভাৰতীয় জনতা পাৰ্টিৰ এজন সাংসদ আৰু প্ৰভাৱশালী নেতা। তেওঁৰ বাসভৱনতে মল্লযোদ্ধা সংস্থাৰ অফিচ। সেই অফিচতে, অৰ্থাৎ ব্ৰীজভূষণৰ সংসদীয় আবাসতে কেইবাবাৰো তেওঁৰ হাতত মহিলা মল্লযোদ্ধা যৌন নিৰ্যাতনৰ বলি হৈছে। তাৰ ভিতৰত নাবালিকাও আছে। দেশৰ বাহিৰত খেল খেলিবলৈ যাওঁতে আৰু দেশৰ ভিতৰতো মহিলা মল্লযোদ্ধা সকল ব্ৰীজভূষণৰ যৌন লিপ্সাৰ বলি হৈছে বুলি মল্লযোদ্ধা সকলে অভিযোগ কৰিছে।

জানুৱাৰী মাহত যেতিয়া প্ৰথমবাৰৰ বাবে মল্লযোদ্ধা সকলে ব্ৰীজভূষণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল, চৰকাৰে অলিম্পিক পদক বিজয়ী মেৰীকমৰ নেতৃত্বত বিষয়টো অনুসন্ধান কৰিবলৈ এখন কমিটি গঠন কৰি দিছিল। সেই কমিটিয়ে কি অনুসন্ধান কৰিলে, কি সিদ্ধান্ত ল’লে আমি একো নাজানো। কিন্তু কোনেও ব্ৰীজভূষণৰ গাৰ নোম এডালো লৰাব নোৱাৰিলে। কোনো কোনোৱে কৈছে যে মেৰীকম কমিটিয়ে হেনো তেওঁক নিৰ্দোষী ঘোষণা কৰিছে। মেৰীকম কমিটিৰ সিদ্ধান্ত ৰাজহুৱা নকৰা বাবে আৰু চৰকাৰে ব্ৰীজভূষণৰ বিৰুদ্ধে এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা নোলোৱা কাৰণে মল্লযোদ্ধা সকলে আকৌ এপ্ৰিল মাহৰ পৰা যন্তৰ মন্তৰত ধৰ্ণাত বহিছে।

যৌন অপৰাধ এক গুৰুতৰ অপৰাধ। এনে অপৰাধত সাধাৰণতে প্ৰাৰম্ভিক অনুসন্ধান কৰাৰ পিছতে পুলিচে অভিযুক্তক গ্ৰেপ্তাৰ কৰি গোচৰৰ অনুসন্ধান আৰম্ভ কৰে। কিন্তু, ব্ৰীজভূষণৰ বিৰুদ্ধে অভিযোগ আনিছে স্বয়ং অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সকলে। তাতো, অভিযোগ উত্থাপন কৰিয়ে তেওঁলোক ক্ষান্ত থকা নাই। চৰকাৰে তেওঁলোকৰ কথা গুৰুত্বসহকাৰে নোলোৱা বাবে তেওঁলোকে আন্দোলৰ পথ বাছি লৈছে। দেশৰ কাৰণে অলিম্পিক পদক কঢ়িয়াই অনা এই মল্লযোদ্ধা সকল আমাৰ গৌৰৱ। অথচ, তেওঁলোক যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে, আৰু তাৰ সুবিচাৰ দাবী কৰি তেওঁলোকে আজি ইমান দিন যন্তৰ মন্তৰত ধৰ্মঘট কৰি থাকিব লগা হৈছে। দেশবাসীৰ বীবে ইয়াতকৈ লজ্জাজনক কথা কি হ’ব পাৰে?

আচৰিত কথা যে বিষয়টো উচ্চতম ন্যায়ালয় পোৱাৰ আগলৈ দিল্লী পুলিচে ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰ এখনো দাখিল কৰা নাছিল। কথাটো দিল্লী পুলিচৰ দৃষ্টিগোচৰ কৰাত তেওঁলোকে কৈছিল যে ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ আগতে তেওঁলোকে বিষয়টো অনুসন্ধান কৰি ল’ব বিচাৰে। অৱশেষত, আন্দোলনকাৰী আৰু ৰাইজৰ হেঁচাত আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত যেনিবা দিল্লী পুলিচে অভিযুক্ত ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। কিন্তু, এজাহাৰ দাখিল কৰাৰ আজি দহ দিন পিছতো, ব্ৰীজভূষণক গ্ৰেপ্তাৰ কৰা দূৰৰ কথা, এতিয়ালৈকে এবাৰলৈ সোধপোচ কৰিবলৈও মতা নাই।

আনহাতে, আন্দোলন কৰি থকা মল্লযোদ্ধা সকলক কিন্তু দিল্লী পুলিচে নানা ধৰণে হাৰাশাস্তি কৰি আছে। মাজতে তেওঁলোকৰ বিদ্যুৎ, পানী আৰু খাদ্য যোগানো বন্ধ কৰি দিয়া  হৈছিল। আন্দোলনস্থলীত মল্লযোদ্ধা সকলক পুলিচে অপদস্থও কৰিছে। শেহতীয়াভাবে বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠন আৰু ব্যক্তি গৈ মল্লযোদ্ধা সকলৰ লগত সমমৰ্মিতা প্ৰদৰ্শন কৰিছে। আন্দোলনকাৰী কৃষক সকলো তেওঁলোকৰ ওচৰত থিয় দিছেহি। সকলোৱে একমুখে ব্ৰীজভূষণক গ্ৰেপ্তাৰৰ দাবী কৰিছে। ভাৰতৰ মল্লযোদ্ধা সংস্থাৰ মুৰব্বী হিচাপে অনতিপলমে তেওঁৰ পদত্যাগ বিচাৰিছে। আৰু ২১ মে’ৰ ভিতৰত চৰকাৰৰ পৰা কোনো সন্তোষজনক সঁহাৰি নাপালে মল্লযোদ্ধা সকলে আন্দোলনটো ভাৰতৰ চাৰিওফালে বিয়পাই দিব বুলি হুংকাৰ দিছে। কিন্তু, চৰকাৰ আৰু দিল্লী পুলিচ এতিয়াও নিমাত, নিৰ্বিকাৰ।এতিয়ালৈ বিজেপিৰ মহিলা এম পি এগৰাকীও আন্দোলনকাৰী মল্লযোদ্ধা সকলৰ ওচৰলৈ যোৱা নাই। তাৰ মাজতে, ব্ৰীজভূষণৰ বক্তব্য- “আনে ক’লে মই কিয় পদত্যাগ কৰিম? কিন্তু, বিজেপি সভাপতি নড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি মোৰ পদত্যাগ বিচাৰে, লগে লগে মই পদত্যাগ কৰিম।” তাৰমানে, চৰকাৰ তেওঁৰ লগত আছে বুলিয়ে ব্ৰীজভূষণৰ এই দম্ভালি! তেনেহ’লে বিজেপিৰ নেতাৰ মুখত, গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত বা প্ৰধানমন্ত্ৰীৰ মুখত ন্যায়, নীতিৰ কথা শোভা পাইনে? অলপতে, তিনি এপ্ৰিলৰ দিনা ‘কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ’ (CBI) হীৰক জয়ন্তী উপলক্ষে দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণত, তেওঁ সংস্থাটোক ‘সত্য আৰু ন্যায়’ৰ প্ৰতীক বুলি উল্লেখ কৰিছিল আৰু কৈছিল, “I know that the people against whom you are taking action are very powerful, they have been part of the government and system for years. Even today they are in power in some states, but you (CBI) have to focus on your work, no corrupt person should be spared.” অৰ্থাৎ, বিজেপিৰ মানুহ নহয়, কেৱল বিৰোধী ৰাজনৈতিক দলৰ মানুহহে দুৰ্নীতিত জড়িত, যিসকলৰ এতিয়াও কেইবাখনো ৰাজ্যত চৰকাৰ আছে। বিষয়া সকলে ভয়াৰ্ত দৃষ্টিৰে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনি আছিল। প্ৰশ্ন হ’ল, ব্ৰীজভূষণ কোন দলৰ মানুহ? আৰু দুনীয়াৰ চোৰ, দগবাজ সকল বিজেপিত সোমালে কেনেকৈ নিশাটোৰ ভিতৰতে সিহঁত ওৱাচিং পাওদাৰ নিৰ্মাহৈ পৰে? আমি সৰুতে মাৰ মুখত কথা এফাকি শুনিছিলোঁ- “বোলো মহৰাজ গোফত ভাত লগাটো কেনে অপৰাধ? বাপৰে সাংঘাটিক অপৰাধ, মৃত্যুদণ্ড সম অপৰাধ। মহাৰাজ আপোনাৰ গোফত ভাত? এহ জনাই নজনাই।’’ এইটো হৈছে এতিয়া আমাৰ দেশৰ অৱস্থা। তাৰেই উত্তম উদাহৰণ ব্ৰীজভূষণ।