• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

ব্ৰীজভূষণৰ বিচাৰ হ’বনে

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 16, 2023 6:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মল্লযোদ্ধা সংস্থাৰ সভাপতি ব্ৰীজভূষণ শাৰণ সিং আৰু আৰু কেইবাজনো প্ৰশিক্ষকে মহিলা মল্লযোদ্ধাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ প্ৰতিবাদত মল্লযোদ্ধা সকলে জানুৱাৰী মাহত দিল্লীৰ যন্তৰ মন্তৰত প্ৰথমে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে বছৰ বছৰ ধৰি ব্ৰীজভূষণে কেইবা গৰাকী মহিলা মল্লযোদ্ধাৰ ওপৰত যৌন শোষণ চলাই আহিছে। ব্ৰীজভূষণ ভাৰতীয় জনতা পাৰ্টিৰ এজন সাংসদ আৰু প্ৰভাৱশালী নেতা। তেওঁৰ বাসভৱনতে মল্লযোদ্ধা সংস্থাৰ অফিচ। সেই অফিচতে, অৰ্থাৎ ব্ৰীজভূষণৰ সংসদীয় আবাসতে কেইবাবাৰো তেওঁৰ হাতত মহিলা মল্লযোদ্ধা যৌন নিৰ্যাতনৰ বলি হৈছে। তাৰ ভিতৰত নাবালিকাও আছে। দেশৰ বাহিৰত খেল খেলিবলৈ যাওঁতে আৰু দেশৰ ভিতৰতো মহিলা মল্লযোদ্ধা সকল ব্ৰীজভূষণৰ যৌন লিপ্সাৰ বলি হৈছে বুলি মল্লযোদ্ধা সকলে অভিযোগ কৰিছে।

জানুৱাৰী মাহত যেতিয়া প্ৰথমবাৰৰ বাবে মল্লযোদ্ধা সকলে ব্ৰীজভূষণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল, চৰকাৰে অলিম্পিক পদক বিজয়ী মেৰীকমৰ নেতৃত্বত বিষয়টো অনুসন্ধান কৰিবলৈ এখন কমিটি গঠন কৰি দিছিল। সেই কমিটিয়ে কি অনুসন্ধান কৰিলে, কি সিদ্ধান্ত ল’লে আমি একো নাজানো। কিন্তু কোনেও ব্ৰীজভূষণৰ গাৰ নোম এডালো লৰাব নোৱাৰিলে। কোনো কোনোৱে কৈছে যে মেৰীকম কমিটিয়ে হেনো তেওঁক নিৰ্দোষী ঘোষণা কৰিছে। মেৰীকম কমিটিৰ সিদ্ধান্ত ৰাজহুৱা নকৰা বাবে আৰু চৰকাৰে ব্ৰীজভূষণৰ বিৰুদ্ধে এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা নোলোৱা কাৰণে মল্লযোদ্ধা সকলে আকৌ এপ্ৰিল মাহৰ পৰা যন্তৰ মন্তৰত ধৰ্ণাত বহিছে।

যৌন অপৰাধ এক গুৰুতৰ অপৰাধ। এনে অপৰাধত সাধাৰণতে প্ৰাৰম্ভিক অনুসন্ধান কৰাৰ পিছতে পুলিচে অভিযুক্তক গ্ৰেপ্তাৰ কৰি গোচৰৰ অনুসন্ধান আৰম্ভ কৰে। কিন্তু, ব্ৰীজভূষণৰ বিৰুদ্ধে অভিযোগ আনিছে স্বয়ং অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সকলে। তাতো, অভিযোগ উত্থাপন কৰিয়ে তেওঁলোক ক্ষান্ত থকা নাই। চৰকাৰে তেওঁলোকৰ কথা গুৰুত্বসহকাৰে নোলোৱা বাবে তেওঁলোকে আন্দোলৰ পথ বাছি লৈছে। দেশৰ কাৰণে অলিম্পিক পদক কঢ়িয়াই অনা এই মল্লযোদ্ধা সকল আমাৰ গৌৰৱ। অথচ, তেওঁলোক যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে, আৰু তাৰ সুবিচাৰ দাবী কৰি তেওঁলোকে আজি ইমান দিন যন্তৰ মন্তৰত ধৰ্মঘট কৰি থাকিব লগা হৈছে। দেশবাসীৰ বীবে ইয়াতকৈ লজ্জাজনক কথা কি হ’ব পাৰে?

Apply Now

আচৰিত কথা যে বিষয়টো উচ্চতম ন্যায়ালয় পোৱাৰ আগলৈ দিল্লী পুলিচে ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰ এখনো দাখিল কৰা নাছিল। কথাটো দিল্লী পুলিচৰ দৃষ্টিগোচৰ কৰাত তেওঁলোকে কৈছিল যে ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ আগতে তেওঁলোকে বিষয়টো অনুসন্ধান কৰি ল’ব বিচাৰে। অৱশেষত, আন্দোলনকাৰী আৰু ৰাইজৰ হেঁচাত আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত যেনিবা দিল্লী পুলিচে অভিযুক্ত ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। কিন্তু, এজাহাৰ দাখিল কৰাৰ আজি দহ দিন পিছতো, ব্ৰীজভূষণক গ্ৰেপ্তাৰ কৰা দূৰৰ কথা, এতিয়ালৈকে এবাৰলৈ সোধপোচ কৰিবলৈও মতা নাই।

আনহাতে, আন্দোলন কৰি থকা মল্লযোদ্ধা সকলক কিন্তু দিল্লী পুলিচে নানা ধৰণে হাৰাশাস্তি কৰি আছে। মাজতে তেওঁলোকৰ বিদ্যুৎ, পানী আৰু খাদ্য যোগানো বন্ধ কৰি দিয়া  হৈছিল। আন্দোলনস্থলীত মল্লযোদ্ধা সকলক পুলিচে অপদস্থও কৰিছে। শেহতীয়াভাবে বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠন আৰু ব্যক্তি গৈ মল্লযোদ্ধা সকলৰ লগত সমমৰ্মিতা প্ৰদৰ্শন কৰিছে। আন্দোলনকাৰী কৃষক সকলো তেওঁলোকৰ ওচৰত থিয় দিছেহি। সকলোৱে একমুখে ব্ৰীজভূষণক গ্ৰেপ্তাৰৰ দাবী কৰিছে। ভাৰতৰ মল্লযোদ্ধা সংস্থাৰ মুৰব্বী হিচাপে অনতিপলমে তেওঁৰ পদত্যাগ বিচাৰিছে। আৰু ২১ মে’ৰ ভিতৰত চৰকাৰৰ পৰা কোনো সন্তোষজনক সঁহাৰি নাপালে মল্লযোদ্ধা সকলে আন্দোলনটো ভাৰতৰ চাৰিওফালে বিয়পাই দিব বুলি হুংকাৰ দিছে। কিন্তু, চৰকাৰ আৰু দিল্লী পুলিচ এতিয়াও নিমাত, নিৰ্বিকাৰ।এতিয়ালৈ বিজেপিৰ মহিলা এম পি এগৰাকীও আন্দোলনকাৰী মল্লযোদ্ধা সকলৰ ওচৰলৈ যোৱা নাই। তাৰ মাজতে, ব্ৰীজভূষণৰ বক্তব্য- “আনে ক’লে মই কিয় পদত্যাগ কৰিম? কিন্তু, বিজেপি সভাপতি নড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি মোৰ পদত্যাগ বিচাৰে, লগে লগে মই পদত্যাগ কৰিম।” তাৰমানে, চৰকাৰ তেওঁৰ লগত আছে বুলিয়ে ব্ৰীজভূষণৰ এই দম্ভালি! তেনেহ’লে বিজেপিৰ নেতাৰ মুখত, গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখত বা প্ৰধানমন্ত্ৰীৰ মুখত ন্যায়, নীতিৰ কথা শোভা পাইনে? অলপতে, তিনি এপ্ৰিলৰ দিনা ‘কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ’ (CBI) হীৰক জয়ন্তী উপলক্ষে দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণত, তেওঁ সংস্থাটোক ‘সত্য আৰু ন্যায়’ৰ প্ৰতীক বুলি উল্লেখ কৰিছিল আৰু কৈছিল, “I know that the people against whom you are taking action are very powerful, they have been part of the government and system for years. Even today they are in power in some states, but you (CBI) have to focus on your work, no corrupt person should be spared.” অৰ্থাৎ, বিজেপিৰ মানুহ নহয়, কেৱল বিৰোধী ৰাজনৈতিক দলৰ মানুহহে দুৰ্নীতিত জড়িত, যিসকলৰ এতিয়াও কেইবাখনো ৰাজ্যত চৰকাৰ আছে। বিষয়া সকলে ভয়াৰ্ত দৃষ্টিৰে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনি আছিল। প্ৰশ্ন হ’ল, ব্ৰীজভূষণ কোন দলৰ মানুহ? আৰু দুনীয়াৰ চোৰ, দগবাজ সকল বিজেপিত সোমালে কেনেকৈ নিশাটোৰ ভিতৰতে সিহঁত ওৱাচিং পাওদাৰ নিৰ্মাহৈ পৰে? আমি সৰুতে মাৰ মুখত কথা এফাকি শুনিছিলোঁ- “বোলো মহৰাজ গোফত ভাত লগাটো কেনে অপৰাধ? বাপৰে সাংঘাটিক অপৰাধ, মৃত্যুদণ্ড সম অপৰাধ। মহাৰাজ আপোনাৰ গোফত ভাত? এহ জনাই নজনাই।’’ এইটো হৈছে এতিয়া আমাৰ দেশৰ অৱস্থা। তাৰেই উত্তম উদাহৰণ ব্ৰীজভূষণ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd