NORTHEAST NOW (Assamese)

অসমে শীঘ্ৰে লাভ কৰিব “ভাল খবৰ”

January 2, 2020 3:54 pm · অনিৰ্বাণ ৰয়
Updated: January 2, 2020 4:03 pm
অমিত শ্বাহৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

কা-বিৰোধী প্ৰতিবাদৰ চাপত বিজেপিয়ে অসমত ইয়াৰ “দাগলগা ভাবমূৰ্তি” উদ্ধাৰৰ বাবে শীঘ্ৰেই “কিবা এক ডাঙৰ” ঘোষণা কৰিব পাৰে।

বিজেপিয়ে ৰাজ্যখনত ২০১৬ চনৰ বিধান সভা নিৰ্বাচন আৰু ২০১৪ আৰু ২০১৯ৰ লোক সভা নিৰ্বাচনত অসাধাৰণ নিৰ্বাচনী সাফল্য অৰ্জন কৰিছিল।

এতিয়া নাগৰিকত্ব (সংশোধন) আইনক লৈ গেৰুৱা দলটো শ’লঠেকত পৰিছে।

অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিছতে ঘোষণা কৰিছে যে অসমক লৈ শীঘ্ৰেই “ভাল খবৰ” আহি আছে।

“অসমীয়াৰ পৰিচয়ৰ সমস্যা, আমাৰ জনজাতীয় সম্প্ৰদায়সমূহৰ আশা-আকাংক্ষা আৰু উত্তৰ-পূবত ৰাষ্ট্ৰীয়তাবাদী চিন্তা প্ৰক্ৰিয়াক সবল কৰা সন্দৰ্ভত তেওঁ (শ্বাহ)ৰ সৈতে এক দীঘলীয়া আলোচনা কৰিলো। সোনকালেই কিছু ভাল খবৰ শুনিবলৈ পাম,” শৰ্মাৰ টুইট।

শৰ্মাই নতুন দিল্লীত বুধবাৰে অনুষ্ঠিত বিজেপি নেতাসকলৰ এক বৈঠকতো অংশগ্ৰহণ কৰে।

অমিত শ্বাহে বিজেপিৰ বৈঠকখনৰ সভাপতিত্ব কৰিছিল, আৰু খবৰমতে কা-ৰ প্ৰচাৰ কাৰ্য্যসূচী সম্পৰ্কে আলোচনা হৈছিল।

কিন্তু, বিজেপিয়ে ভালকৈ জানে যে অসমত আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ প্ৰচাৰ কাৰ্য্যসূচী কোনেও গ্ৰহণ নকৰিব।

গেৰুৱা দলটোৰ নেতাসকল পতিয়ন গৈছে যে অসমত কা-বিৰোধী আকস্মিক প্ৰতিবাদ দেশজুৰি বৃহত্তৰ প্ৰতিবাদলৈ পৰ্য্যৱসিত হ’ল।

হিমন্ত বিশ্ব শৰ্মাৰ টুইট এক স্পষ্ট ইংগিত যে বিজেপিয়ে অসমৰ কা-বিৰোধী প্ৰতিবাদক প্ৰশমিত কৰিবলৈ “কিবা এটা ডাঙৰ” পৰিকল্পনা কৰিছে।

ঝাৰখণ্ডৰ নিৰ্বাচনী পৰাজয়ৰ পিছত বিজেপি নেতাসকল অসমত প্ৰতিটো খোজতে সতৰ্ক হ’ব যিহেতু ২০২১ চনত ৰাজ্যখনত বিধান সভা নিৰ্বাচন হোৱাৰ কথা।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকল উদ্বিগ্ন হৈ আছে যে কা-ৰ বাবে অসমত ১.৩ কোটি হিন্দু বাংলাদেশীয়ে সংস্থাপন পাব।

হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাংশ বিজেপি নেতাই ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে কেৱল ৫.৪ লাখ মানুহহে অসমত নাগৰিকত্ব পোৱাৰ বাবে যোগ্য হ’ব, কিন্তু এই প্ৰতিশ্ৰুতি কোনেও গ্ৰহণ কৰা নাই।

Related News