• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত প্ৰিয়ংকা গান্ধীকেই পতা হ’ব নেকি কংগ্ৰেছৰ সভাপতি!ছোনিয়া গান্ধীৰ সাক্ষাতকলৈ বিভিন্ন মহলত চৰ্চা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 30, 2022 8:05 pm
a priyanka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সভাপতি নিৰ্বাচনকলৈ দলটোৰ ভিতৰত এতিয়া ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। বহুকেইজন নেতাই সভাপতিৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ লগতে আন কেইবাজনো নেতা এই দৌৰত আছে। শেহতীয়াকৈ চৰ্চা হৈছে যে প্ৰিয়ংকা গান্ধীকেই দলৰ সভাপতি পতা হ’ব নেকি?

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ছোনিয়া গান্ধীয়ে প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ বাসগৃহলৈ গৈ প্ৰিয়ংকাৰ সৈতে প্ৰায় এঘণ্টা ধৰি কথা পাতিছে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰিয়ংকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰা সন্দৰ্ভত আলোচনা হোৱা বুলিও বহুতে কৈছে। কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থীসকলকলৈ জল্পনা-কল্পনা এতিয়াও অব্যাহত আছে। দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নামে চৰ্চালৈ আহি আছে। অৱশ্যে এতিয়ালৈকে প্ৰিয়ংকা বা দলৰ পৰা আনুষ্ঠানিকভাৱে এই বিষয়ত একো কোৱা হোৱা নাই। কিন্তু অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ সৈতে হোৱা প্ৰিয়ংকাৰ বৈঠকখনে আলোচনাত ইন্ধন যোগাইছে।

বহুতে ৰাহুল গান্ধীয়েই পুনৰ কংগ্ৰেছৰ সভাপতি হোৱাটো বিচাৰিছে যদিও ৰাহুলে তেনে প্ৰস্তাৱ বাৰে বাৰে অগ্ৰাহ্য কৰিছে। বহুতে আকৌ গান্ধী পৰিয়ালৰ বাহিৰৰ লোক সভাপতিৰ পদত অধিষ্ঠিত হোৱাটোহে বিচাৰিছে। এনে সময়তে কংগ্ৰেছৰ অসমৰ এগৰাকী সাংসদে প্ৰিয়ংকা গান্ধীক দলৰ সভাপতি পাতিব লাগে বুলি দাবী জনাইছে।অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকেও কৈছিল যে ভাদ্ৰা আন এটা পৰিয়ালৰ বোৱাৰী হোৱাৰ সূত্ৰে তেওঁ ভাৰতীয় পৰম্পৰা অনুসৰি গান্ধী পৰিয়ালৰ সদস্য নহয়। সেয়ে তেওঁক সভাপতিৰ পদত অধিষ্ঠিত কৰাত কাৰো আপত্তি থাকিব নালাগে।

টুইটাৰত বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কৈছিল, “যিহেতু ৰাহুল গান্ধীয়ে পুনৰদলৰ সভাপতি হ’বলৈ অস্বীকাৰ কৰিছে, মই এইক্ষেত্ৰত প্ৰিয়ংকা গান্ধীকেই শ্ৰেষ্ঠ প্ৰাৰ্থী হিচাপে বিবেচনা কৰোঁ।” তেওঁ কয়, “ভাদ্ৰা আন পৰিয়ালৰ বোৱাৰী হোৱাৰ বাবে তেওঁ আৰু এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়।” ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে কৈছিল যে তেওঁ সংগঠনটোৰ দায়িত্ব ল’ব লাগে বুলি দলৰ কৰ্মীসকলে ব্যক্ত কৰা ইচ্ছাক সন্মান কৰে ।

কিন্তু এই কথাও ঠিক যে গান্ধী পৰিয়ালৰ কোনেও কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি নহ’ব। ৰাহুল গান্ধীয়ে এই কথা অশোক গেহলটৰ সন্মুখত কৈছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা থাৰুৰে শীৰ্ষ পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা দেখা গৈছে। কিন্তু এয়া এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দী কোন হ’ব । কিয়নো ৰাজস্থানৰ ঘটনাৱলীয়ে অশোক গেহলটৰ প্ৰাৰ্থিত্বৰ বিষয়টোত অনিশ্চয়তা আনি দিছে।

উল্লেখ্য কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷ মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ ১ অক্টোবৰ, আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ। প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰকাশ কৰা হ’ব। প্ৰয়োজন হ’লে ১৭ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা ১৯ অক্টোবৰত কৰা হ’ব আৰু ফলাফল একেদিনাই ঘোষণা কৰা হ’ব। নিৰ্বাচনত ৯,০০০ তকৈও অধিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিয়ে ভোটদান কৰিব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd