মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

পুৰণা পাঁচ টকীয়া, দহ টকীয়া আৰু ১০০ টকীয়া নোট সমূহ শীঘ্ৰে বন্ধ হৈ পৰিব বুলি অলপতে এক খবৰ বিয়পি পৰিছিল।

মাৰ্চৰ পৰা এই নোট সমূহৰ প্ৰচলন বন্ধ হৈ পৰিব বুলি বিভিন্ন সামাজিক মাধ্যমত খবৰ বিয়পি পৰিছিল।

কিন্তু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই খবৰক খাৰিজ কৰি মাৰ্চৰ পৰা এই নোট সমূহৰ প্ৰচলন বন্ধ নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে।

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পাঁচ টকীয়া, দহ টকীয়া আৰু ১০০ টকীয়া নোট সমূহৰ প্ৰচলন বন্ধ হ’ব বুলি প্ৰচাৰিত হোৱা খবৰক ভূৱা বুলি কয়।

‘‘কিছুসংখ্যক সংবাদ মাধ্যমত মাৰ্চৰ পৰা পাঁচ টকীয়া, দহ টকীয়া আৰু এশ টকীয়া নোট সমূহৰ প্ৰচলন বন্ধ হ’ব বুলি খবৰ প্ৰকাশ পাইছে, এইধৰণৰ বাতৰি সমূহ ভিত্তিহীন আৰু ভূৱা বুলি স্পষ্টীকৰণ দিয়া হ’ল,’’ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই টুইটাৰ যোগে এইদৰে কয়।

আনহাতে, প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফ্যাক্ট চেকেও পাঁচ টকীয়া, দহ টকীয়া আৰু এশ টকীয়া নোটৰ প্ৰচলন বন্ধ হোৱা বাতৰিটো মিছা বুলি স্পষ্টীকৰণ দিয়ে।

পূৰ্বে ২০১৮ চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নতুন ১০ টকীয়া, ৫০ টকীয়া আৰু ২০০ টকীয়া নোটৰ প্ৰচলন কৰিছিল।