• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সুৰক্ষিত কৰিবনে? সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 4, 2024 6:28 pm
335
VIEWS
Share on FacebookShare on Twitter

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছত চৰকাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিছে ‘ভাষা গৌৰৱ’ সপ্তাহ কাৰ্যসূচী। আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ” অসমৰ মাত্ৰ ৪৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে। ৰাজ্যৰ খিলঞ্জীয়া বড়ো, মিচিং, ৰাভা আদি জনগোষ্ঠীয় ভাষা সমূহ বিলুপ্তিৰ পথত। এনে অৱস্থাত অসমীয়া ভাষাৰ প্ৰতি কেৱল মাত্ৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভেই আমাৰ মাতৃভাষা সুৰক্ষিত কৰিব নে?”

কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই স্বীকৃতি আৰু ৰাজ্য চৰকাৰৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী আপে আদৰণি জনায়। সংবাদমেলত আপৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়,” অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাথোঁ এই স্বীকৃতিয়ে যথেষ্ট নহয়। ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত মাতৃভাষা অৱহেলিত হৈ আছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতো অসমীয়া ভাষাৰ পাঠ্যক্ৰম চৰকাৰে বাধ্যতামূলক কৰা উচিত। “

আনহাতে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত প্ৰৱৰ্তন কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়। ৰাজ্যৰ বিধান সভাত গৃহীত ১৯৬০ চনৰ চৰকাৰী ভাষা আইন সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে কয়,” চৰকাৰী কাৰ্যালয় সমূহত এতিয়াও অসমীয়া ভাষা এলাগী হৈ আছে। ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়তে অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। “

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰক ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা কেৰোণ সমূহ আঁতৰ কৰিবলৈ দাবী জনায় আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে। সংবাদমেলত পুনম গগৈৰ সৈতে আপৰ ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী তথা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে ।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd