NORTHEAST NOW (Assamese)

বাক্সাৰ ডাইনী হত্যা কাণ্ড : আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

May 25, 2021 6:28 pm · দীপক কুমাৰ পাঠক
Updated: May 25, 2021 10:28 pm

বাক্সা জিলাৰ কুমাৰীকাটাৰ ডাইনী হত্যাৰ ঘটনাৰ লগত জড়িত আৰু দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

স্মৰ্তব্য যে সোমবাৰে কুমাৰীকাটাৰ এখন গাঁৱত এজন লোকক ডাইনী সন্দেহত গঞাই মৰিয়া মৰিয়াই হত্যা কৰে।

আজি ঘটনাৰ লগত জড়িত আৰু দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ৰৌমি বসুমতাৰী (২১) আৰু সুবল বড়ো (৩০)। দুয়োৰে ঘৰ আংগাৰকাটা বৈগ্ৰীগুৰি গাঁৱত।

লগতে : http://ডাইনীৰ সন্দেহত গঞাই মৰিয়াই হত্যা কৰিলে এজন লোকক : উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীও হতাহত

ইতিমধ্যে কালি নিশা বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং কুমাৰীকাটাত উপস্থিত হয়। আজি পুৱা বিটিএডিৰ ডিআইজি ভাইলেট বৰুৱা ও কুমাৰীকাটাত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

বৰ্তমানো বাক্সাৰ কুমাৰীকাটাত সোমবাৰে ডাইনী হত্যাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে।

ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে আৰু কেইগৰাকী মান পুৰুষ আৰু মহিলাক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়ো আৰু বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষী কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।

Related News